/asomiyapratidin/media/media_files/2025/02/10/RoEi6TBdObjakMe70vMT.jpg)
ডিজিটেল সংবাদ,চিৰাং: সোমবাৰে কাজলগাঁৱত জিলা পৰ্যায়ৰ বিষয়া সকলৰ লৈ "দুৰ্যোগৰ সময়ত সঁহাৰিৰ ব্যৱস্থা আৰু তাৰ প্ৰতীকি অনুশীলন" ৰ ওপৰত আজিৰ পৰা দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। চিৰাং জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ উদ্যোগত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আয়োজিত এই প্ৰশিক্ষণ কাজলগাঁও স্থিত কৃষি বিজ্ঞান কেন্দ্ৰত আয়ুক্ত যতীন বৰাই উদ্বোধন কৰে।
আজিৰ প্ৰথম দিনৰ কাৰ্যসূচীত যিকোনো দুৰ্যোগৰ সময়ত ইঞ্চিডেণ্ট ৰেচপন্স চিষ্টেম (আই আৰ এছ)ৰ ফলপ্ৰসূ ৰূপায়ণৰ বিষয়ে সংশ্লিষ্ট অংশীদাৰ সকলক কিদৰে দায়িত্বৰ প্ৰতি সংবেদনশীল কৰি তুলি নিজকে প্ৰস্তুত কৰা আৰু তৎকালীন ভাবে ব্যৱস্থা নিশ্চিত কৰি সেৱা আগবঢ়োৱাৰ ওপৰতে গুৰুত্বাৰোপ কৰি প্ৰশিক্ষণ দিয়া হয়।
দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বৰ্তমানৰ প্ৰেক্ষাপটত দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয় আৰু ইয়াৰ প্ৰত্যাহ্বান সমূহ যেনে আই আৰ এছৰ মৌলিক দিশসমূহকে ধৰি একাধিক জটিল বিষয়ৰ ওপৰত আলোকপাত কৰা হয় । ইয়াৰ উপৰিও আজি অসমত দুৰ্যোগৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ৰ’ল প্লেৰ সৈতে সম্পূৰ্ণ আই আৰ এছ অনুশীলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ হয় ।
কাইলৈ অনুষ্ঠিত হবলগা অনুশীলনত অংশগ্ৰহণকাৰী সকলে সক্ৰিয়ভাৱে জড়িত হৈ কিদৰে ব্যৱস্থাটোৰ সৈতে মোকাবিলা কৰি এক সুনিশ্চিত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেই সন্দৰ্ভত এক আভাস তেওঁলোকে লাভ কৰিব পাৰিব। আজিৰ অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত অৰূপ চৌধুৰী, চক্ৰ বিষয়াৰ লগতে চিৰাং জিলাৰ সকলো চৰকাৰী বিষয়াকে ধৰি বিশিষ্ট বিষয়াসকলে অংশগ্ৰহণ কৰে।
প্ৰখ্যাত বিশেষজ্ঞ আৰু সমল ব্যক্তি হিচাপে এছ এফ ডি আৰ আৰৰ জ্যেষ্ঠ পৰামৰ্শদাতা ড° সুৰজিৎ ​​বৰুৱা আৰু এ এছ ডি এম এৰ প্ৰকল্প বিষয়া ড° কৃপাল জ্যোতি মজুমদাৰে অধিৱেশনৰ সময়ত তেওঁলোকৰ বহুমূলীয়া দিহা পৰামৰ্শ আগবঢ়ায়। কাইলৈ ​​অৰ্থাৎ ১১ ফেব্ৰুৱাৰীত ম’ক এক্সাৰচাইজৰ জৰিয়তে এই দুদিনীয়া প্ৰশিক্ষণৰ সামৰণি পৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us