কাম নকৰিব মোবাইল ফোনে : সৃষ্টি হ’ব লকডাউনসদৃশ পৰিৱেশৰ...

নিষ্ক্ৰিয় কৰা হ’ব মোবাইল ফোনৰ সকলো সংযোগ। কোনোও, কাৰো সৈতে কৰিব নোৱাৰিব যোগাযোগ। ভাৰতীয় সময় অনুসৰি ৭ মে’ৰ বিয়লি ৩-০০ বজাৰ পৰা বন্ধ কৰা হ’ব মোবাইল ফোনৰ সকলো কানেকচন

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
কাম নকৰিব মোবাইল ফোনে : সৃষ্টি হ’ব লকডাউনসদৃশ পৰিৱেশৰ

কাম নকৰিব মোবাইল ফোনে : সৃষ্টি হ’ব লকডাউনসদৃশ পৰিৱেশৰ

ডিজিটেল ডেস্ক : নিষ্ক্ৰিয় কৰা হ’ব মোবাইল ফোনৰ সকলো সংযোগ। কোনোও, কাৰো সৈতে কৰিব নোৱাৰিব যোগাযোগ। ভাৰতীয় সময় অনুসৰি ৭ মে’ৰ বিয়লি ৩-০০ বজাৰ পৰা বন্ধ কৰা হ’ব মোবাইল ফোনৰ সকলো কানেকচন।

Advertisment

শেহতীয়াভাৱে এক চৰকাৰী বিবৃতিযোগে এই কথা সদৰী কৰিছে ভেটিকান চিটিৰ গৱৰ্ণৰ কাৰ্যালয়ে। বিবৃতিত উল্লেখ কৰা অনুসৰি, চহৰখনৰ নতুন পোপ নিৰ্বাচনৰ বাবে এই কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। চহৰখনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অঞ্চলবোৰতো কৰ্তন কৰা হ’ব মোবাইল ফোনৰ সংযোগ। সৃষ্টি হ’ব লকডাউনসদৃশ পৰিৱেশৰ !

কেৱল ইমানেই নহয়, নিৰ্বাচন অনুষ্ঠিত হোৱা এলেকাত কোনেও কাৰো সৈতে যোগাযোগ কৰিব নোৱাৰিব। তাৰ বাবে মোবাইল বন্ধ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰিছে চৰকাৰে। এই নিৰ্বাচন অতি গোপনীয়ভাৱে অনুষ্ঠিত কৰা হ'ব বুলি স্পষ্টভাৱে উল্লেখ কৰে।

অৱশ্যে ভেটিকানৰ মুখপাত্ৰ মেটিঅ’ ব্ৰুনীয়ে জনোৱা অনুসৰি নিৰ্বাচন সম্পন্ন হোৱাৰ পাছতে পুনৰ মোবাইল ফোনৰ সংযোগ পুনৰ স্থাপন কৰা হ’ব। তাৰোপৰি এই নিষেধাজ্ঞাৰ পৰা কেৱল ছেইণ্ট পিটাৰছ স্কোৱাৰক আঁতৰাই ৰখা হৈছে।

প্ৰণিধানযোগ্য যে, ২১ এপ্ৰিলত মৃত্যু হৈছিল পোপ ফ্ৰান্সিছৰ। সেয়ে তেওঁৰ উত্তৰাধিকাৰীৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত কৰিছে চৰকাৰে। আজিৰ এই নিৰ্বাচনৰ দিনটোত ভেটিকানৰ চিষ্টিন চেপেলত সমগ্ৰ বিশ্বৰ পৰা মুঠ ১৩৩ জন কাৰ্ডিনেল একত্ৰিত হৈছে। তেওঁলোকৰ ভোটদানেৰে নিৰ্বাচিত কৰিব নতুন পোপ।

পোপ ফ্ৰান্সিছ