/asomiyapratidin/media/media_files/2025/04/11/vhzxpjthjzZWr4L8iukY.jpg)
দেশত বাঢ়িছে ইউপিআইৰ লেনদেন
ডিজিটেস ডেস্ক: বিগত কিছু বছৰৰ পৰা ভাৰতীয় লোকে নগদ ধনৰ লেন-দেনৰ সলনি ইউপিআই (ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ) কৰিবলৈ লৈছে। মোবাইল ফোন ব্যৱহাৰ কৰি কৰা লেনদেনৰ মূল্য বছৰৰ পিছত বছৰ ধৰি প্ৰায় ৩১% বৃদ্ধি পাইছে। ২০২৪ চনৰ দ্বিতীয়াৰ্ধত প্ৰায় ১৯৮ লাখ কোটি (₹১.৯৮ ট্ৰিলিয়ন) হৈছে ইউপিআই লেনদেন।
ইউপিআই লেনদেনৰ মূল্য বছৰি ৩১% বৃদ্ধি পাই প্ৰায় ১৩০ লাখ কোটি টকা হৈছে। ডিজিটেল পেমেণ্ট আন্তঃগাঁথনি শক্তিশালী হোৱাৰ বাবেই এইয়া সম্ভৱ হৈছে। ৱৰ্ল্ডলাইনে সংকলন কৰা তথ্য অনুসৰি ২০২৪ চনৰ ডিচেম্বৰৰ শেষৰ ফালে ব্যৱহাৰকাৰীয়ে নিমোবাইল ফোন ব্যৱহাৰ কৰি ডিজিটেল লেনদেন চলোৱা ইউপিআই কিউআৰ (কুইক ৰেচপন্স) ক’ড ৬৩.৩৪ কোটি টকা স্পৰ্শ কৰিছিল।
ৱৰ্ল্ডলাইনে সদৰী কৰে যে, “মোবাইল পেমেণ্ট গ’-টু চেনেলত পৰিণত হৈছে। লেনদেন ৪১% (বছৰ বছৰে) বৃদ্ধি পাই ৮৮.৫৪ বিলিয়ন (৮৮৫৪ কোটি) হৈছে, যিয়ে ভাৰতৰ বিত্তীয় পৰিৱেশ তন্ত্ৰত স্মাৰ্টফোনৰ ভূমিকাক আলোকপাত কৰিছে।"
ৱৰ্ল্ডলাইন ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেশ নৰসিংহনে উল্লেখ কৰে যে, “ইউপিআইয়ে ভাৰতৰ ডিজিটেল বিপ্লৱৰ নেতৃত্ব অব্যাহত ৰাখিছে, বছৰৰ পিছত বছৰ ধৰি লেনদেনৰ পৰিমাণ ৪২% বৃদ্ধি পাইছে, ২০২৪ চনৰ দ্বিতীয়াৰ্ধত ৯৩.২৩ বিলিয়ন (৯৩২৩ কোটি) লেনদেন হৈছে।"
ইউপিআই লেনদেনক ব্যক্তিৰ পৰা ব্যক্তিলৈ (পিটুপি) আৰু পিটুএম লেনদেন হিচাপে শ্ৰেণীভুক্ত কৰা হয়। তথ্য অনুসৰি, ডিচেম্বৰৰ শেষৰ ফালে পি টু এম লেনদেনৰ মূল্য বছৰি ৪৩% বৃদ্ধি পাই ৩৬.৩৫ লাখ কোটি টকা হৈছে। পি টু পি লেনদেনৰ মূল্য বছৰি ২৬% বৃদ্ধি পাই ৯৩.৮৪ লাখ কোটি টকা হৈছে। সমান্তৰালভাৱে, পি টু এম লেনদেন ৫০% জুম হৈ ৫৮০৩ কোটি হোৱাৰ বিপৰীতে পি টু পি লেনদেন ৩০% বৃদ্ধি পাই ৩৫২১ কোটি হৈছে।