খবৰ ৰাখিছেনে, ভাৰতবৰ্ষত কিমানে মোবাইল আৰু ইন্টাৰনেট ব্যৱহাৰ কৰে…পঢ়ক সবিশেষ

খবৰ ৰাখিছেনে, ভাৰতবৰ্ষত কিমানে মোবাইল আৰু ইন্টাৰনেট ব্যৱহাৰ কৰে…পঢ়ক সবিশেষ

author-image
asomiyapratidin
New Update
খবৰ ৰাখিছেনে, ভাৰতবৰ্ষত কিমানে মোবাইল আৰু ইন্টাৰনেট ব্যৱহাৰ কৰে…পঢ়ক সবিশেষ

ডিজিটেল ডেস্কঃ এতিয়া ডিজিটেল যুগ। সকলোৰে হাতে হাতে এতিয়া মোবাইল ফোন। পুৱা বিচনা এৰাৰ পৰা নিশা বিচনাত পৰালৈকে দৈনন্দিন জীৱনৰ এক এৰাব নোৱাৰা অংগত পৰিণত হৈছে মোবাইল। মোবাইল ব্যৱহাৰৰ যিদৰে বহু অপকাৰিতা আছে, ঠিক সেইদৰে আছে হাজাৰটা উপকাৰিতা। সেয়েহে হয়তো এতিয়া এটি কিশোৰৰ পৰা এজন বৃদ্ধৰ লৈকে সকলোৰে হাতে হাতে উপলদ্ধ মোবাইল।

Advertisment

আমাৰ ভাৰতবৰ্ষত মোবাইলত ব্যৱহাৰ সৰ্বাধিক। দেশৰ ১৩৩.৯২ কোটি লোকৰ ভিতৰত মোবাইল ব্যৱহাৰ কৰা লোকৰ সংখ্যা কিমান আপুনি খবৰ ৰাখিছেনে! দেশত মোবাইল ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে ১১৬.১ কোটি। আনহাতে এক সমীক্ষাত পোহৰলৈ আহিছে যে, ভাৰতবৰ্ষত টেলিফোন ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে প্ৰায় ১১৮.৩৫ কোটি। ইয়াৰে ১১৬.১ কোটি লোকে মোবাইল আৰু বাকী ২.১৭ কোটি লোকে ব্যৱহাৰ কৰে লেন ফোন।

সমগ্ৰ দেশত প্ৰতি ১০০ জন লোকৰ বিপৰীতে ৯০.১১ শতাংশ লোকে ব্যৱহাৰ কৰে ফোন। এই ৯০.১১ ভিতৰত ৮৮.৪৬ অংশই মোবাইল আৰু ১.৬৫ অংশই ব্যৱহাৰ কৰে লেন ফোন। ভাৰতবৰ্ষত চহৰ অঞ্চলত মোবাইল ফোনৰ ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে ১৫৫.৪৯ শতাংশ আনহাতে গ্ৰামাঞ্চলত ইয়াৰ পৰিমাণ হৈছে ৫৭.১৩ শতাংশ।

ঠিক তেনেদৰে ভাৰতবৰ্ষত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যাও ৰাজহুৱা কৰা হৈছে এই সমীক্ষাটোত। দেশত মুঠ জনসংখ্যাৰ ভিতৰত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে ৬৩.৬৭ কোটি। ইয়াৰে চহৰ অঞ্চলত আছে ৪০.৯৭ কোটি আৰু গ্ৰামাঞ্চলত আছে ২২.৭০ কোটি।