মোবাইল ফোন ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ অভূতপূৰ্ব উত্থান...

কেন্দ্ৰীয় মন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰি কয় যে, “২৬ বিত্তীয় বৰ্ষত শক্তিশালী আৰম্ভণি: কেৱল মে’ মাহত ৩ বিলিয়ন ডলাৰৰ স্মাৰ্টফোন ৰপ্তানি (+৭৪ শতাংশ বছৰ বছৰ)....

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  ভাৰতৰ মোবাইল ফোন ৰপ্তানিয়ে এক নতুন মাইলৰ খুঁটিত উপনীত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে কয় যে, মে’ মাহত দেশৰ পৰা ৩.০৯ বিলিয়ন ডলাৰতকৈ অধিক মোবাইল ৰপ্তানি হৈছে। এই বিত্তীয় বৰ্ষত এপ্ৰিল-মে’ৰ সময়ছোৱাত দেশখনত ৫.৫ বিলিয়ন ডলাৰৰ মোবাইল ৰপ্তানি কৰা হৈছে।

Advertisment

প্ৰডাকচন-লিংকড ইনচেণ্টিভ (পিএলআই) পদক্ষেপৰ দৰে চৰকাৰী আঁচনিয়ে বিগত বছৰসমূহত ঘৰুৱা উৎপাদন ক্ষেত্ৰখনত বিশেষ সঁহাৰি জনাইছে। মন্ত্ৰী বৈষ্ণৱে কয় যে, যোৱা বছৰৰ একে মাহৰ তুলনাত মে’ মাহত ভাৰতৰ পৰা মোবাইল ফোন ৰপ্তানি ৭৪ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।

কেন্দ্ৰীয় মন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰি কয় যে, “২৬ বিত্তীয় বৰ্ষত শক্তিশালী আৰম্ভণি: কেৱল মে’ মাহত ৩ বিলিয়ন ডলাৰৰ স্মাৰ্টফোন ৰপ্তানি (+৭৪ শতাংশ বছৰ বছৰ); এপ্ৰিল-মে’ মাহত ৫.৫ বিলিয়ন ডলাৰ ৰপ্তানি আৰু এপ্ৰিল-মে’ মাহত ৮.২ বিলিয়ন ডলাৰ ইলেক্ট্ৰনিকছ ৰপ্তানি (+৪৭ শতাংশ বছৰ বছৰ ধৰি) হৈছে।

দেশৰ বিভিন্ন স্থান হোৱা কনক্লেভে বাণিজ্যৰ ক্ষেত্ৰত ভাৰতৰ আমদানি আৰু ৰপ্তানি ব্যৱসায়ক সহায় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে লগতে ইয়াৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত যথেষ্ট অৰিহণা যোগাযইছে।

অশ্বিনী বৈষ্ণৱ