ভাৰতৰ মোবাইল ফোন ৰপ্তানিৰ অভূতপূৰ্ব উত্থান: মে’ মাহত ২৬,৫৫৯ কোটি টকাৰ ৰেকৰ্ড

ভাৰতৰ মোবাইল ফোন ৰপ্তানিয়ে এক নতুন মাইলৰ খুঁটিত উপনীত হৈছে। তথ্য অনুসৰি যোৱা  মে’ মাহত ভাৰতৰ মোবাইল ফোনৰ ৰপ্তানি ২৬,৫৫৯ কোটি টকা (৩.০৯ বিলিয়ন মাৰ্কিন ডলাৰ)ত উপনীত হৈছে।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ মোবাইল ফোন ৰপ্তানিৰ অভূতপূৰ্ব উত্থান: মে’ মাহত ২৬,৫৫৯ কোটি টকাৰ ৰেকৰ্ড

ডিজিটেল ডেস্কঃ ভাৰতৰ মোবাইল ফোন ৰপ্তানিয়ে এক নতুন মাইলৰ খুঁটিত উপনীত হৈছে। তথ্য অনুসৰি যোৱা  মে’ মাহত ভাৰতৰ মোবাইল ফোনৰ ৰপ্তানি ২৬,৫৫৯ কোটি টকা (৩.০৯ বিলিয়ন মাৰ্কিন ডলাৰ)ত উপনীত হৈছে। যি বিগত বছৰৰ একে মাহৰ ১৫,২২৯ কোটি টকা (১.৭৮ বিলিয়ন মাৰ্কিন ডলাৰ)ৰ তুলনাত ৭৪ শতাংশ অধিক।

Advertisment

এই পৰিমাণ মাৰ্চ মাহৰ ২৬,৬৪৫ কোটি টকাৰ (৩.১ বিলিয়ন মাৰ্কিন ডলাৰ) ৰেকৰ্ডৰ পিছত দ্বিতীয় সৰ্বোচ্চ হিচাপে পৰিগণিত হৈছে। তথ্য অনুসৰি আমেৰিকাৰ নতুন শুল্ক নীতিৰি পূৰ্বে এপলৰ বিপুল পৰিমাণৰ ৰপ্তানিয়েই এই বৃদ্ধিৰ মূল কাৰণ।

২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম দুই মাহত ভাৰতৰ মোবাইল ৰপ্তানি ৪৭,২৭৩ কোটি টকা (৫.৫ বিলিয়ন মাৰ্কিন ডলাৰ)ত উপনীত হৈছে। যি বিগত বিত্তীয় বৰ্ষৰ একে সময়ৰ তুলনাত ৪১ শতাংশ অধিক।

২০২৪ চনৰ অক্টোবৰৰ পৰা ভাৰতৰ মোবাইল ৰপ্তানি মাহিলী ৰপ্তানি ধাৰাবাহিকভাৱে ১৭,১৯০ কোটি টকা (২ বিলিয়ন মাৰ্কিন ডলাৰ)ৰ ওপৰত আছে। যোৱা এপ্ৰিল মাহত ৰপ্তানি ২০,৬২৮ কোটি টকা (২.৪ বিলিয়ন মাৰ্কিন ডলাৰ)ত উপনীত হৈছিল।  যি বিগত বছৰৰ তুলনাত ৬২ শতাংশ অধিক আছিল।

তথ্য অনুসৰি ভাৰত চৰৰকাৰৰ PLI আঁচনিৰ সমৰ্থনৰ বাবেই মোবাইল ৰপ্তানি ২০২৩ বিত্তীয় বৰ্ষৰ ৯৫,৪০৫ কোটি টকাৰ পৰা ২০২৪ত ১.৩৪ লাখ কোটি টকালৈ আৰু ২০২৫ত ২.০৭ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। এই বৃদ্ধিৰ ফলত ইলেক্ট্ৰনিক্স ভাৰতৰ তৃতীয় বৃহত্তম ৰপ্তানি শ্ৰেণীত পৰিণত হৈছে।

২০২৫-২৬ বিত্তীয় বৰ্ষৰ এপ্ৰিল–মে’ মাহত ইলেক্ট্ৰনিক্স ৰপ্তানি ৪৭.২ শতাংশ বৃদ্ধি পাই ৭০,৯৯৫ কোটি টকা (৮.২৬ বিলিয়ন মাৰ্কিন ডলাৰ)ত উপনীত হৈছে। যি ভাৰতৰ শীৰ্ষ ৩০টা ৰপ্তানি শ্ৰেণীৰ ভিতৰত সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা খণ্ড। এই সময়ছোৱাত মোবাইল ফোনৰ ৰপ্তানিয়ে ইলেক্ট্ৰনিক্স ৰপ্তানিৰ ৬৭ শতাংশ অৰিহণা যোগাইছে, যি বিগত বছৰৰ একে সময়ৰ ৫৯ শতাংশৰ তুলনাত যথেষ্ট অধিক।

২০১৪ চনত ভাৰত মোবাইল ফোনৰ ক্ষেত্ৰত ৭৮ শতাংশ আমদানিৰ ওপৰত নিৰ্ভৰশীল আছিল। কিন্তু ২০১৭ চনৰ পৰ্যায়ক্ৰমিক উৎপাদন কাৰ্যসূচী আৰু ২০২০ চনৰ পি এল আই আঁচনিয়ে এই খণ্ডত আমূল পৰিৱৰ্তন আনিছে। ২০২৩ চনৰ ভিতৰত ভাৰতত বিক্ৰী হোৱা ৯৯.২ শতাংশ মোবাইল ফোন দেশতেই উৎপাদিত হৈছে।

 

মোবাইল এপ্লিকেশ্যন ৰপ্তানি ইলেক্ট্ৰনিক্স ৰপ্তানি