নিৰ্বাচনৰ প্ৰাকক্ষণত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস বিধায়ক শিবু মিশ্ৰৰ

শনিবাৰে লামডিঙৰ বিধায়ক শিবু মিশ্ৰই কেইবাটাও উন্নয়নৰ মূলক কামৰ শিলান্যাস কৰে। এটা দিনৰ ভিতৰতে ১১ টা পথৰ শিলান্যাস কৰে বিধায়কগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
feree

ডিজিটেল সংবাদ, লামডিংঃ শনিবাৰে লামডিঙৰ বিধায়ক শিবু মিশ্ৰই কেইবাটাও উন্নয়নৰ মূলক কামৰ  শিলান্যাস কৰে। এটা দিনৰ ভিতৰতে ১১ টা পথৰ শিলান্যাস কৰে বিধায়কগৰাকীয়ে।

ইতিমধ্যে ৬৪ নং লামডিং সমষ্টিৰ কেন্দ্ৰত ১০৭৪ টা ডিজিটেল পট্টা বিতৰণ কৰাৰ পাছতে আজি পুনৰ চহৰ আৰু গাঁৱৰ ১১টা পথৰ শিলান্যাস কৰে বিধায়ক শিবু মিশ্রই।

পশ্চিম লামডিং পঞ্চায়তৰ অন্তৰ্গত ৩টা পথ, পূব লামডিং পঞ্চায়তৰ অধীনত ১টা পথ, দক্ষিণ লামডিং পঞ্চায়তৰ অন্তৰ্গত ৩টা পথ আৰু পৌৰসভাৰ অন্তৰ্গত ৪টা পথৰ শিলান্যাস কৰে বিধায়কগৰাকীয়ে।

লামডিং