/asomiyapratidin/media/media_files/2024/12/09/GfWJTcg8kLXjvwiKLCSH.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ বিগত ৭৭ টা বছৰৰ বহু প্ৰতীক্ষাৰ অন্ত পেলাই আজি ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে কচুৱাৰ বৰপানী নদীৰ শিঙিমাৰী-জুৰিৰপাৰ পাৰঘাট আৰু ৰমনিপথাৰ পাৰঘাট আৰু কাজিৰঙাত তিনিখনকৈ পকী দলঙৰ আধাৰশিলা স্থাপন কৰে ৷
দেশে স্বাধীনতা পোৱাৰ পিছৰ পৰাই বৃহত্তৰ শিঙিমাৰী, জুৰিৰপাৰ, লংজাপ, পদুমনি, পণ্ডিটঘাট মাধৱপাৰা ,ৰমনিপথাৰ, পমিলা,শিমলুগুৰি, বালিগাওঁ , পুঠিমাৰী ,জুকটাকে আদিকৰি অৰ্ধ শতাধিক গাঁৱৰ ৰাইজৰ বহুদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই আজি ৰহা সমষ্টিৰ বিধায়কে শ শ লোকৰ উপস্থিতিত ৰঙা ফিতা কাটি তিনিখনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰে ৷
তিনিওখন দলঙৰ আধাৰশিলা স্থাপন কৰি বিধায়ক জন আৱেগিক হৈ উঠা পৰিলক্ষিত হয় । এই দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অৱদান আছে বুলি উল্লেখ কৰে বিধায়ক শশীকান্ত দাসে।
অনাগত দিনত বৰপানী নদীৰ ওপৰত আৰু চাৰিখন পকী দলঙৰ লগতে সংখ্যালঘু এলেকাৰ এশ শতাংশ ৰাস্তা পদুলিৰ ব্যাপক উন্নয়ন কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷ বৰপানী নদীৰ ওপৰত তিনিখনকৈ দলং নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ আজিৰ দিনটো এক ঐতিসাহিক দিন হিচাপে চিহ্নিত হৈ থাকিব বুলি স্থানীয় বহু লোকে মন্তব্য কৰে ৷
দলঙৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত বিধায়কগৰাকীক সংগ দিয়ে লোক নিৰ্মাণ বিভাগৰ এছ ডি অ আব্দুৰ ৰৌফ , বিজেপি দলৰ জ্যেষ্ঠ নেতা সুৱৰ্ণ সিঙকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে ।