কচুৱাৰ ইস্তেমাস্থলীত ৰাইজৰ লগত মত বিনিময় বিধায়ক শশীকান্ত দাসৰ...

দেওবাৰৰ পৰা নগাঁৱৰ কচুৱাত তিনিদিনীয়াকৈ আৰম্ভ হ'ব মুছমানসকলৰ ধৰ্মীয় অনুষ্ঠান ইস্তেমা। ইস্তেমা উপলক্ষে উদযাপন সমিতি আৰু স্থানীয় ৰাইজৰ মাজত দেখা গৈছে ব্যাপক ব্যস্ততা ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,কামপুৰঃ মধ্য অসমৰ নগাঁৱৰ কচুৱাত অনুষ্ঠিত হ’বলগীয়া মুছলমানসকলৰ ধৰ্মীয় অনুষ্ঠান ইস্তেমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ । ইস্তেমা উপলক্ষে আজি ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ইস্তেমাস্থলীত উপস্থিত হৈ আলিম উলামা আৰু ৰাইজৰ লগত মত বিনিময় কৰে। 

Advertisment

উল্লেখযোগ্য যে দেওবাৰৰ পৰা নগাঁৱৰ কচুৱাত তিনিদিনীয়াকৈ আৰম্ভ হ'ব মুছমানসকলৰ ধৰ্মীয় অনুষ্ঠান ইস্তেমা। ইস্তেমা উপলক্ষে উদযাপন সমিতি আৰু স্থানীয় ৰাইজৰ মাজত দেখা গৈছে ব্যাপক ব্যস্ততা ।


ইপিনে যোৱা বানত বগৰিতল আৰু কচুৱা সংযোগী পথছোৱাৰ কিছু কিছু অংশ বানে বিধ্বস্ত কৰাত যাতায়তৰ ক্ষেত্ৰত যমৰ যন্ত্ৰণা ভুগিব লগীয়া হৈছে ৰাইজে। ইস্তেমাস্থলীত উপস্থিত হ'বলৈ যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰে ব্যৱস্থাৰে উক্ত পথছোৱা পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে । পথছোৱা পৰিদৰ্শন কৰি শীঘ্ৰে মেৰামতি কৰা হ’ব বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ।

ইফালে আজি বিয়লি কচুৱা ইস্তেমা সমিতিয়ে সংবাদ মেল আয়োজন কৰি গাড়ী মটৰ পাৰ্কিঙৰ ক্ষেত্ৰত উল্লেখ কৰে কিছু নীতি-নিৰ্দেশনা। দেওবাৰৰ পৰা কচুৱা তিনিআলিৰ পৰা কচুৱা হৈ লুতুমাৰীলৈ যোৱা মূল পথত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে সকলোধৰণৰ যান-বাহন।


নগাঁও দিশৰ পৰা অহা বাহনসমূহ ৰজাআলি হৈ কান্দাপাৰাত পাৰ্কিঙৰ ব্যৱস্থা কৰিছে । হোজাই- যমুনামূখ দিশৰ পৰা অহা যান-বাহনসমূহ চানখোলা,আগফালবস্তিৰ পথাৰত পাৰ্কিঙৰ ব্যৱস্থা কৰিছে । সমান্তৰালভাৱে কামপুৰ দিশৰ পৰা অহা ব্যক্তিগত সৰু চাৰিচকীয়া বাহনসমূহ তিনিআলি হৈ কচুৱা হাইস্কুলৰ ওচৰত পাৰ্কিঙৰ ব্যৱস্থা কৰিছে।

উল্লেখযোগ্য যে ইস্তেমালৈ অহা ধৰ্মপ্ৰাণ ৰাইজে পথত ৰৈ থাকি যাতে যান-যটৰ সৃষ্টি নকৰে তাৰ বাবে বিনম্ৰ আহ্বান জনাইছে ইস্তেমা সমিতিৰ বিষয়ববীয়াই ।

কচুৱা শশীকান্ত দাস