/asomiyapratidin/media/media_files/2024/12/10/TaYPNVYdFkXtmTuMZHZy.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ ক্ৰীড়া-সংস্কৃতিৰ সংগমস্থলী ডিমৌ চাৰিআলিস্থিত সোণালী জয়ন্তী গৰকা ঐতিহ্যমণ্ডিত শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনৰ মঙলবাৰে আধাৰশিলা স্থাপন কৰা হয়। বিদ্যালয়খনৰ নৱনিৰ্মিত ভৱনৰ আধাৰশিলা স্থাপন কৰে প্ৰাক্তন ছাত্ৰ তথা বিধায়ক শশীকান্ত দাসে ।
নিজে পঢ়া বিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰি নষ্টালজিক হৈ পৰিল বিধায়ক শশীকান্ত দাস। অসম গ্ৰামীণ আন্তঃগাঠনি উন্নীতকৰণ আঁচনিৰ অধীনত ৭ কোটি ৪১ লাখ টকাৰে নিৰ্মাণ হ'ব অত্যাধুনিক ভৱনটো।
আধাৰশিলা স্থাপন উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক মহেশ্বৰ দেৱগোস্বামীয়ে। প্ৰাক্তন ছাত্র নেতা পংকজ দাসে আঁত ধৰা অনুষ্ঠানটোত প্ৰাক্তন মন্ত্ৰী উমেশ চন্দ্ৰ দাসে ভাষন প্ৰদান কৰি কয় যে-বিদ্যালয়খন সুন্দৰ হলেই নহ'ব, ছাত্র-ছাত্রী সকল শৈক্ষিক দিশত সুন্দৰ হ'ব লাগিব। তেওঁ শিক্ষক সকলক ঈশ্বৰ প্ৰেৰিত দেৱদূত আখ্যা দিয়ে।
বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন মুক্তিয়াৰে উদ্দেশ্য বাখ্যা কৰা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি পদ্ম গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত প্ৰাক্তন প্ৰধানশিক্ষক যোগেন দাস,সমাজকৰ্মী ভৱেন বাগীশ,অসম আন্দোলনৰ অগ্ৰণী নেতা দেৱ বৰা,অগপ নেতা বিনোদ বৰুৱা,তিৱা স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বকুল দেউৰী আদি উপস্থিত থাকে।