বটদ্ৰৱাত বিধায়ক ৰূপক শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ : জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ বিজেপিত যোগদান

বটদ্ৰৱা সৰুহিছা মুকলি মঞ্চত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে বটদ্ৰৱাত বিজেপি চৰকাৰে কৰা উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে। বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়- "অখিল গগৈ জাতি মাটি ভেটিৰ লগত নাই।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত বিধায়ক ৰূপক শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ : জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ বিজেপিত যোগদান

ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱাত বিধায়ক ৰূপক শৰ্মাই চলাই ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান। নৱগঠিত নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত কাছমাৰী জিলা পৰিষদৰ সদস্য পদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰাঞ্জল দাস আৰু ৰাইদঙীয়া আঞ্চলিক পঞ্চায়তৰ সদস্যা পদৰ প্ৰাৰ্থী স্মিতা বৰাৰ হৈ নিশা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে বিধায়ক ৰূপক শৰ্মাই।

Advertisment

বটদ্ৰৱা সৰুহিছা মুকলি মঞ্চত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে বটদ্ৰৱাত বিজেপি চৰকাৰে কৰা উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে। বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়- "অখিল গগৈ জাতি মাটি ভেটিৰ লগত নাই। অখিলে ধিং লাহৰিঘাট, ৰূপহীতহে ৰাইজক শপত খুৱাব পাৰে। অখিল গগৈয়ে অসমীয়াৰ উন্নয়ন নিবিচাৰে।

তেওঁ মাত্ৰ নিজৰ মুনাফাৰ বাবে কাম কৰে। অখিলে ব্লেক মেইলিং কৰি দুপইচা মুনাফাৰ বাবেহে ৰাজনীতি কৰে। অসমৰ ৰাজনীতিত অখিলৰ দৰে ব্যক্তি থকাটো দুৰ্ভাগ্যজনক।"

উল্লেখ্য যে এই সভাতেই বটদ্ৰৱাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা যোগেন শইকীয়াই বিজেপিত যোগদান কৰে।

পঞ্চায়ত নিৰ্বাচন ৰূপক শৰ্মা