
ডিজিটেল সংবাদ বেবেজীয়াঃ নগাঁও জিলাৰ পাখীমৰিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ৰনথলী-দেওধৰ, দেউৰীগাঁও নামঘৰ, বুঢ়াগোহাঁই থান, বৰক’লাত আজি শুকুৰবাৰে একোটাকৈ আদৰ্শ অংগনবাড়ি কেন্দ্ৰৰ শুভ উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই ৷
আদৰ্শ অংগনবাড়ি কেন্দ্ৰ কেইটি মুকলি কৰি বিধায়কগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত কয়- “শিক্ষাৰ ঘাইশিপা দাল হ’ল এই অংগনবাড়ি কেন্দ্ৰ” ৷ এটা শিশুৱে অংগনবাড়ি কেন্দ্ৰতে প্ৰাথমিক শিক্ষাৰ জ্ঞান আহৰণ কৰে ৷
তেওঁ লগতে আৰু কয় যে, আজিৰ শিশু কাইলৈ দেশৰ সুনাগৰিক ৷ এই শিশুসকলক সমাজত সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ উপস্থিত শিশুসকলৰ মাতৃসকলক আহ্বান জনাই ৷ শিশুসকলক শিশু অৱস্থাৰ পৰাই নৈতিক শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগে ৷
সমাজকৰ্মী তথা যুৱ নেতা যুগপ্ৰসাদ বৰদলৈয়ে আতঁধৰা, আঁৰতিৰ উৰুলিয়ে শুভ উদ্বোধন কৰা আদৰ্শ অংগনবাড়ি অনুষ্ঠানটিত জিলা সমাজ কল্যাণ বিষয়া ৰুবি কলিতাই শিক্ষাক লৈ পৰিবেশন কৰা গীতমাতে অনুষ্ঠানটি জীপাল কৰি তোলে ৷ বৰক’লা মিকিৰ পুখুৰী পাৰত মুকলি কৰা আদৰ্শ অংগনবাড়ি কেন্দ্ৰৰ সভাখনিত পাখিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া শীলা দাস,অনুসুচীত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ নৰেন দাস,দক্ষিণপাট সমবায় সমিতিৰ সভাপতি ঘন দাস,সমাজকৰ্মী মোহিনী মোহন লস্কৰ, সমাজকৰ্মী ধৰমজিৎ দাস, মুখ্য সেৱিকা উপমা শৰ্মা বৰুৱা, জোনালী বৰা প্ৰমুখ্যে কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
উল্লেখ্য যে, আদৰ্শ অংগনবাড়ি কেন্দ্ৰটিৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ বাবে বিধায়ক ৰূপক শৰ্মাই বিধায়ক পুঁজিৰ পৰা আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে ৷ ইপিনে খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ বেবেজীয়াৰ নিজ ডিমৌত সন্ধিয়া আন এটি আদৰ্শ অংগনবাড়ি কেন্দ্ৰৰ শুভ উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই ৷
উল্লেখ্য যে, আজিৰ এই দিনটোতে নগাঁও সদৰ সমষ্টিত মুঠ পাঁচটাকৈ আদৰ্শ অংগনবাড়ি কেন্দ্ৰ মুকলি কৰা কনকন শিশুসকলৰ শাৰীৰিক বৌদ্ধিক বিকাশৰ উদ্দেশ্য৷ এই আদৰ্শ অংগনবাড়ি কেন্দ্ৰ একোটিৰ সৰ্ব্বমুঠ ব্যয় ২৫ লাখ টকা বুলি জানিব পৰা গৈছে ৷
ক্লিক কৰি পঢ়কঃ এম টি অ’ৰ এক লিটাৰ তেলেৰে সমগ্ৰ নিশা তহল দিয়ে নগাঁও আৰক্ষীয়ে...