/asomiyapratidin/media/media_files/2025/02/02/ojJO8pWghsUpkSvXcpcH.jpg)
নৰোৱা বালিসত্ৰৰ পকী দেৱালৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ
ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱাৰ উত্তৰ দিশত অৱস্থিত ঐতিহ্যমণ্ডিত নৰোৱা বালিসত্ৰৰ চৌহদত পকী বেৰা নিমাৰ্ন কামৰ দেওবাৰে আধাৰশিলা স্থাপন কৰে বিধায়ক ৰূপক শৰ্মাই। বটদ্ৰৱা উন্নয়ন খণ্ডৰ জৰিয়তে প্ৰায় ১৮ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মান কৰিবলৈ লোৱা সত্ৰখনৰ চাৰি চৌহদত পকী দেৱাল আৰু সত্ৰৰ সন্মূখত থকা দ-গাঁত লগতে দ-স্থান সমূহ মাটিৰে পূৰ্ণ কৰিবলৈ লোৱা কামৰ আধাৰশিলা স্থাপন কৰে।
ইয়াৰ পিছত বিধায়কগৰাকীয়ে সত্ৰৰ কাৰ্যলয়ত পৰিচালনা সমিতিৰ লগত সত্ৰখনৰ উন্নয়ন সম্পৰ্কত এক আলোচনাত মিলিত হয়। নৰোৱা বালিসত্ৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক মাণিক বৰাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটোত সমিতিৰ সভাপতি দিলীপ কুমাৰ ভূঞাই এখন ফুলাম গামোচাৰে বিধায়ক গৰাকীক সম্বৰ্ধনা জনায়।
সমিতিয়ে সত্ৰৰ নৱনিৰ্মিত দৌল মন্দিৰৰ আধৰুৱা কামৰ লগতে সত্ৰৰ বিভিন্ন সমস্যা ৰাজিৰ সমাধানৰ উদ্দেশ্য এখন স্মাৰক পত্ৰ বিধায়কগৰাকীক অৰ্পন কৰে। বিধায়কগৰাকীয়ে পৰিচালনা সমিতিক পাৰ্যমানে সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত যথোচিত কাৰ্যব্যৱস্থা গ্ৰহন কৰাৰ আশ্বাস প্ৰদান কৰে।
পিছত বিধায়কগৰাকী ডুমডুমীয়া-বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এক কাৰ্যসূচীত অংশ গ্ৰহন কৰে। "ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়"ত নতুনকৈ নিৰ্মান হোৱা এটি অতিৰিক্ত শ্ৰেণীকোঠা আজি মুকলি কৰে বিধায়কগৰাকীয়ে।
অতিৰিক্ত শ্ৰেণীকোঠাটিৰ মুকলি অনুষ্ঠানত বিদ্যালয় খনৰ প্ৰধান শিক্ষক, শিক্ষক-শিক্ষয়ত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক ছাত্ৰ-ছাত্ৰী সকল আৰু স্থানীয় শুভাকাংখী ৰাইজ উপস্থিত থাকে। পাছত অনুষ্ঠিত সভাত "আশাকৰো বিদ্যালয় খনত নতুনকৈ নিৰ্মান কৰা অতিৰিক্ত শ্ৰেণীকোঠাটিৰ জৰিয়তে শিক্ষাৰ্থী সকল আৰু শিক্ষক -শিক্ষয়ত্ৰী সকল যথেষ্ঠ উপকৃত হ'ব পাৰিব।" বুলি ভাষণ প্ৰদান কৰে বিধায়কগৰাকীয়ে।