ইতিহাসপ্ৰসিদ্ধ নগঞা শইকীয়া ভোটাই ডেকাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ...

আহোম ৰাজত্ব কালৰ অত্যাচাৰী শাসক লালুকসোলা বৰফুকনক হত্যা কৰি জাতীয় নায়কলৈ পৰিণত হোৱা নগঞা শইকীয়া ভোটাই ডেকাৰ প্ৰাসংগিকতা চিৰ যুগমীয়া কৰি ৰখাৰ লক্ষ্য

author-image
Asomiya Pratidin
New Update
kjk

ডিজিটেল সংবাদ, নগাওঁঃ আহোম ৰাজত্ব কালৰ অত্যাচাৰী শাসক লালুকসোলা বৰফুকনক হত্যা কৰি জাতীয় নায়কলৈ পৰিণত হোৱা নগঞা শইকীয়া ভোটাই ডেকাৰ প্ৰাসংগিকতা চিৰ যুগমীয়া কৰি ৰখাৰ লক্ষ্য আৰু উদ্দেশ্যৰে ভোটাইগাঁৱত ভোটাই ডেকাৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

Advertisment
91ff9723-3397-4efc-b838-993ec5a606d3

এই উপলক্ষে অনুষ্ঠিত এখন সভাত বিধায়ক গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে ভোটাই ডেকাৰ স্মৃতিৰ স্বাক্ষৰ হৈছে ভোটাই গাঁও। নগঞা বীৰ ভোটাই ডেকাৰ শৌর্য্য, বীৰ্য্য, সাহস, দেশপ্ৰেম, ত্যাগ আৰু জাতীয়তাবাদক লৈ আমি সদায় গৌৰবান্বিত। এইগৰাকী ইতিহাস প্ৰসিদ্ধ বীৰৰ স্মৃতিত নিৰ্মাণ কৰিবলৈ লোৱা এই প্ৰতিমূৰ্তিৰ পৰাই উঠি অহা প্ৰজন্মই নগঞা  শইকীয়া ভোটাই ডেকা সম্পৰ্কে ইতিহাস অধ্যয়ন কৰাৰ যথেষ্ট সমল লাভ কৰিব।

aa7f3217-040c-46be-ad35-35d350bf26c0

সমাজকৰ্মী জয়ন্ত কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত নগাঁও জিলাক পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বটদ্ৰৱা সাংস্কৃতিক প্রকল্প, ভূপেন হাজৰিকা কলা তীৰ্থ, কৰৈয়নী বাৰগঞা মন্দিৰ উন্নয়নৰ লগতে মৰিকলং বিলৰ সৌন্দৰ্য বৰ্দ্ধনৰ কাম পূৰ্ণ গতিত চলি আছে বুলি মন্তব্য কৰাৰ উপৰি অসম চৰকাৰৰ আছুতীয়া পূঁজিৰ জৰিয়তে ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি ভাগৰ কাম অচিৰেই আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰে।

ac6217e6-4175-450a-8c48-500409535861

 ইয়াৰ পিছতেই বিধায়ক ৰূপক শৰ্মাই অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ জৰিয়তে উৰিয়াগাঁওস্থিত শ্ৰী শ্ৰী নিকামুল সত্ৰ প্ৰাংগণত থকা ডঃ ভূপেন হাজৰিকা ৰংগমঞ্চৰ সভাগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

0807e940-1800-455c-8cb5-ee9c55d42646

উল্লেখযোগ্য যে, অনুষ্ঠানত অৱসৰপ্রাপ্ত প্ৰধান শিক্ষক কমলাকান্ত বৰা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে দেবানন্দ গোস্বামী, ৰিন্টু দাস, লেখক গোলাপ বৰা, অনিল কুমাৰ শৰ্মা,সমাজকৰ্মী,ৰাতুল মহন্ত অশোক কুমাৰ বৰা, কুমুদ বেজবৰুৱা, কিৰণ কুমাৰ নেওগ,হৰ বৰা,দীপক বৰা,অৱসৰপ্ৰাপ্ত শিক্ষক শোনিধৰ বৰা, বিজেপি ভোটাই-পাঠৰী মণ্ডলৰ সভাপতি ৰাতুল কুমাৰ বৰা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

ইয়াৰ পিছততে বিধায়ক ৰূপক শৰ্মাই নিকামূল সত্ৰত উপস্থিত হয় । সত্ৰত নিৰ্মাণ হ'ব লগা সভাগৃহ নিৰ্মান কামৰ সুভাৰম্ভ কৰে । আটকধুনীয়াকৈ নিৰ্মান হব লগা সভাগৃহটিৰ বাবে দহ লাখ পুজি আগবাঢ়ি হৈছে ।

বিধায়ক ৰূপক শৰ্মা ৰূপক শৰ্মা