জামুগুৰিহাটৰ নবিল প্ৰাথমিক বিদ্যালয়ৰ তোৰণ উন্মোচন বিধায়ক পদ্ম হাজৰিকাৰ

জামুগুৰিহাটৰ তৌভঙাৰ নবিল প্ৰাথমিক বিদ্যালয়ৰ বুধবাৰে মূল তোৰনখন উন্মোচন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই...

author-image
Asomiya Pratidin
New Update
fhfhk
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ তৌভঙাৰ নবিল প্ৰাথমিক বিদ্যালয়ৰ বুধবাৰে মূল তোৰনখন উন্মোচন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ ১৯৪২ চনতে সেই সময়ৰ শিক্ষানুৰাগী বিশিষ্ট সমাজকৰ্মী প্ৰয়াত মহিৰাম দৈমাৰীয়ে দান সূত্ৰে আগবঢ়োৱা এক বিঘা মাটিত স্হাপন কৰা হৈছিল নবিল প্ৰাথমিক বিদ্যালয় ৷ 
Advertisment
বৰ্তমান সেইগৰাকী মহান ব্যক্তিৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে তেওঁৰ তিনিগৰাকী সুযোগ্য সন্তান ক্ৰমে ভৱানন্দ দৌমাৰী, মিনাৰাম দৌমাৰী আৰু হৰকান্ত দৈমাৰীয়ে একান্ত ব্যক্তিগত পুঁজিৰে নিৰ্ম্মান কৰি দিয়ে বিদ্যালয়ৰ মূল তোৰনখন ৷ এই তোৰণ উন্মোচনী ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে দাতাৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰি কয় যে বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশৰ আৰু অধিক উন্নত হ’ব ৷
কণ কণ ছাত্ৰ-ছাত্ৰীসকলেও সুন্দৰ পৰিবশত শিক্ষাগ্ৰহণ কৰিব পাৰিব ৷ বিধায়কগৰাকীয়ে বিদ্যালয়খনৰ চাৰিসীমাৰ পকী বেৰা নিৰ্ম্মানৰ বাবে ৫০হেজাৰ টকা আৰ্থিক অনুদান ঘোষণা কৰে ৷  নবিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শান্তনু গৌতমে আঁত ধৰা অনুষ্ঠানটিত বিদ্যালয়খনৰ শিক্ষক- কৰ্মচাৰীৰ লগতে অংশগ্ৰহণ কৰে আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি অজিত পায়েং আৰু ৰূপালী বৰুৱাই। একেদৰে মিচিং অটনমাচ কাউঞ্চিলৰ সদস্য ৰাজু চিন্তে, গাঁওৰক্ষী বাহিনীৰ সম্পাদক শংকৰ দাস, বিশিষ্ট সমাজকৰ্মী শ্যামন্ত মেচৰ উপৰিও বহুকেইগকী গন্যমান্য ব্যক্তিয়ে অংশ লয়।
jamugurihat padma hazarika