ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ ইটাখোলাত এটি পকী পথ আৰু দলঙৰ শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ ইটাখোলাৰ পৰা কুসুমটোলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকী পথছোৱাৰ লগতে দিকৰাই নদীৰ ওপৰত এখন পকী দলঙৰ শুভ উদ্বোধন কৰে বিধায়কগৰাকীয়ে।
মঙলবাৰে ৰঙাফিটা কাটি শুভ উদ্বোধন কৰি ৰাইজৰ যাতায়তৰ বাবে পথছোৱা আনুষ্ঠানিকভাৱে মুকলি কৰি বিধায়কগৰাকীয়ে কেতবোৰ মন্তব্য কৰে ৷ সমাজকৰ্মী লক্ষীকান্ত বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানটিৰ ভাষণ প্ৰসংগত বিধায়ক হাজৰিকাই কয় যে, অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়তৰ সমস্যা আজি সমাধান হ’ল ৷
এতিয়াৰে পৰা অতি সহজেই এই পথছোৱা অতিক্ৰম কৰি বালিজুৰি, খেৰবাৰী ইটাখোলা, চৈবাৰীকে ধৰি বৃহত্তৰ অঞ্চলটোৰ বহুকেইখন গাঁৱৰ সৰ্ব্বসাধাৰণ ৰাইজে বিভিন্ন চৰকাৰী কাম কাজৰ বাবে কুসুমটোলাৰ নদুৱাৰ সম জিলাৰ মুখ্য কাৰ্য্যালয়লৈ যোৱা অহা কৰিব পাৰিব ৷
বিধায়কগৰাকীয়ে পথছোৱাৰ লগতে দলঙখন অতি কম দিনৰ ভিতৰত ঠিকাদাৰ অশোক গুপ্তাই নিখুতভাৱে সমাপন কৰি অঞ্চলটোৰ ৰাইজক উপকৃত কৰাৰ বাবে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে ৷ আজি এই উদ্বোধনী অনুষ্ঠানটিত অংশগ্ৰহণ কৰে গড়কাপ্তানি বিভাগৰ কাৰ্য্যবাহী অভিযন্তা নিত্যৰঞ্জন বৰকটকী , নদুৱাৰ সংমণ্ডলৰ সহকাৰী অভিযন্তা আব্দুল হান্নানকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ লগতে স্থানীয় ৰাইজে ৷