/asomiyapratidin/media/media_files/2025/01/06/a4tUqrZhfJ0yUF7rVbyT.jpg)
MLA Padma Hazarika lays foundation stone of panchayat office in Jamugurihat
ডিজিটেল সংবাদ, জামুগুৰিহাট : নদুৱাৰ উন্নয়ন খণ্ডৰ অধীনৰ জামুগুৰিহাটৰ দক্ষিণ মূঢ়াদল গাঁও পঞ্চায়ত আৰু চকীঘাট গাঁও পঞ্চায়তৰ দুটাকৈ নতুন কাৰ্য্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰা হয়। সোমবাৰে এই কাৰ্যালয় গৃহ দুটিৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰে কৰে বিধায়ক পদ্ম হাজৰিকাই ৷
এই আধাৰশিলা স্থাপন অনুষ্ঠানত দুয়োখন পঞ্চায়তৰ বিষয়ববীয়া আৰু কনিষ্ঠ অভিজন্তাৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বৰাজ আঁচনিৰ পূঁজিৰ আবণ্টিত ধনেৰে অত্যাধুনিকভাৱে আটকধুনীয়াকৈ নিৰ্মাণ হ’ব লগা এই নতুন কাৰ্য্যালয় গৃহ নিৰ্ম্মানৰ কাম অতি কম দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব৷ আগন্তুক ৰঙালী বিহুৰ পূৰ্ব্বেই এই নতুন কাৰ্য্যালয় দুটিৰ জৰিয়তে ৰাইজৰ সমস্যা সমাধানৰ প্ৰচেষ্টা চলোৱা হ’ব ৷
লগতে গ্ৰাম্যাঞ্চলৰ ৰাইজে নিজৰ অভাৱ- অভিযোগসমূহ এই কাৰ্য্যালয়ৰ জৰিয়তে পঞ্চায়ত প্ৰতিনিধি ও বিষয়াৰ ওচৰত দাখিল কৰি সমাধান কৰাত সহায়ক হ’ব বুলি বিধায়ক হাজৰিকাই আশা ব্যক্ত কৰে ৷