নদুৱাৰ সমষ্টিত দুখন বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

নদুৱাৰ সমষ্টিৰ অন্তৰ্গত বালিজুৰি আৰু ইটাখোলাত সোমবাৰে দুখন বিদ্যালয়ৰ নতুন গৃহ নিৰ্ম্মানৰ আধাৰশিলা স্থাপন কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ বিধায়কগৰাকীয়ে প্ৰথমে ২নং ইটাখোলা প্ৰাথমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।

author-image
Asomiya Pratidin
New Update
নদুৱাৰ সমষ্টিত দুখন বিদ্যালয়ৰ গৃহনিৰ্মাণৰ আধাৰশিলা স্থাপন

নদুৱাৰ সমষ্টিত দুখন বিদ্যালয়ৰ গৃহনিৰ্মাণৰ আধাৰশিলা স্থাপন

ডিজিটেল সংবাদ,জামুগুৰিহাট : নদুৱাৰ সমষ্টিৰ অন্তৰ্গত বালিজুৰি আৰু ইটাখোলাত সোমবাৰে দুখন বিদ্যালয়ৰ নতুন গৃহ নিৰ্ম্মানৰ আধাৰশিলা স্থাপন কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ বিধায়কগৰাকীয়ে প্ৰথমে ২নং ইটাখোলা প্ৰাথমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।

ইয়াৰ পিছত বালিজুৰিৰ  ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ বাবে আৱণ্টিত মুঠ ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া দুটা নতুন বিদ্যালয় গৃহৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰি আধাৰশিলা স্থাপন কৰে ৷ বিধায়ক গৰাকীয়ে কয় যে দুইখন বিদ্যালয়ৰ এই দুটা গৃহৰ নিৰ্ম্মানৰ কাম সম্পূৰ্ণ হৈ উঠিলে কন কন ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত বিশেষ সুবিধা লাভ কৰিব ৷

উদ্বোধনী অনুষ্ঠানটিত আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰা আৰু শিক্ষক কৰ্মচাৰী , ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে ৷

jamugurihat padma hazarika