নদুৱাৰ সমষ্টিত একেদিনাই ২২ খন উন্নয়নমূলক আঁচনিৰ কাম শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ

সমষ্টিটোৰ অন্তৰ্গত মুঠ দহটা গাঁও পঞ্চায়ত এলেকাৰ বিভিন্ন অঞ্চলত মঙলবাৰে দিনজোৰা কাৰ্য্যসূচীৰে গ্ৰাম্য পথ নিৰ্ম্মাণ আৰু আন্তঃগাঁঠনি উন্নয়নকে ধৰি বিভিন্ন আঁচনিসমূহৰ নিৰ্ম্মাণ কাৰ্য্য শুভ উদ্বোধন কৰে

author-image
Asomiya Pratidin
New Update
padma hazarika

padma hazarika

ডিজিটেল সংবাদ, জামুগুৰিহাট : নদুৱাৰ সমষ্টিত একেদিনাই ২২ খনকৈ উন্নয়নমূলক আঁচনিৰ নিৰ্ম্মাণ কাৰ্য্য শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ সমষ্টিটোৰ অন্তৰ্গত মুঠ দহটা গাঁও পঞ্চায়ত এলেকাৰ বিভিন্ন অঞ্চলত মঙলবাৰে দিনজোৰা কাৰ্য্যসূচীৰে গ্ৰাম্য পথ নিৰ্ম্মাণ আৰু আন্তঃগাঁঠনি উন্নয়নকে ধৰি বিভিন্ন আঁচনিসমূহৰ নিৰ্ম্মাণ কাৰ্য্য শুভ উদ্বোধন কৰে। 

উক্ত অনুষ্ঠানৰ ভাষণ প্ৰসংগত বিধায়ক পদ্ম হাজৰিকাই কয় যে গ্ৰাম্যাঞ্চলৰ অতি পিচপৰা অঞ্চলসমূহৰ ৰাইজৰ বাবে চৰকাৰৰ দ্বাৰা আৱণ্টিত এই আঁচনিসমূহৰ নিৰ্ম্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিলে ৰাইজৰ বহু সমস্যা সমাধান হ’ব ৷ বিধায়কগৰাকীয়ে নিৰ্ম্মাণৰ কাম শুভাৰম্ভ কৰা আঁচনিসমূহৰ অন্যতম হ’ল বালিজুৰি খেলপথাৰ আৰু দিকৰাই খেলপথাৰৰ আন্তঃগাঁথনি উন্নয়ন। 

ইয়াৰ উপৰি বালিজুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চাইকেল আস্থানৰ নিৰ্মাণ, তেজালপট্টি ৰংগমঞ্চ নিৰ্মাণ, ইটাখোলা বাণিজ্যিক স্থলৰ নলা নিৰ্মাণ, দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানাগাৰ নিৰ্মাণ আৰু দিকৰাই ষ্টাফ ক্লাৱৰ আন্তঃগাঁথনি উন্নয়ন। একেদৰে উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন ৰাজহুৱা, ধাৰ্মিক স্থানৰ উন্নয়ন আদিকে ধৰি মুঠ ২২ খনকৈ আঁচনিৰ শুভাৰম্ভ কৰে ৷ 

উক্ত অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰে আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰা, খণ্ড উন্নয়ন বিষয়া অজয় কুমাৰ সিনহাকে ধৰি পঞ্চায়তৰ সচিব, কনিষ্ঠ অভিযন্তা আৰু স্থানীয় ৰাইজে ।

jamugurihat padma hazarika