তেল চুৰৰ অভিযোগঃ বিধায়ক পুত্ৰ ৰকিবুল হুদাৰ আত্মসমৰ্পণ...

তেল চুৰৰ অভিযোগঃ বিধায়ক পুত্ৰ ৰকিবুল হুদাৰ আত্মসমৰ্পন...

author-image
Asomiya Pratidin
New Update
তেল চুৰৰ অভিযোগঃ বিধায়ক পুত্ৰ ৰকিবুল হুদাৰ আত্মসমৰ্পণ...

ডিজিটেল ডেস্কঃ অৱশেষত আত্মসমৰ্পণ কৰিলে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাই।জানিব পৰা মতে, উলুৱনি আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে তেল চুৰি গেঙৰ সৈতে নাম সাঙোৰ খোৱা ৰকিবুল হুদাই। আত্মসমৰ্পনৰ পাছতে হুদাক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যায় আৰক্ষীয়ে।

বিগত ৪৮ ঘণ্টা ধৰি আৰক্ষীয়ে তেল চুৰি চক্ৰটোৰ বিৰুদ্ধে গুৱাহাটী, ৰূপহীত অভিযান চলাই আছিল। ইতিমধ্যে, শনিবাৰে এই ঘটনাৰ সৈতে জড়িত ৫জনক গ্ৰেপ্তাৰ কৰিছে কলিয়াবৰ আৰক্ষীয়ে।

উল্লেখ্যে যে শনিবাৰে কলিয়াবৰত উৎখাত হৈছিল তেল চুৰি চক্ৰ। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত কলিয়াবৰ আৰক্ষীৰ জালত পৰিছিল তেল চুৰিৰ বৃহৎ গেং।  কলিয়াবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ তেল চোৰৰ গেঙৰ পাঁচ সদস্যক। এই গেঙৰে অন্যতম সদস্য ৰেজাউল হুদা ফাৰাজী ওৰফে ৰকিবুল। এই ৰকিবুলেই হৈছে নুৰুল হুদাৰ পুত্ৰ।

Also Read: উদয়পুৰত ছাত্ৰ মৃত্যুৰ চাৰিদিন পিছতো স্তিমিত হোৱা নাই প্ৰতিবাদ

rokibul huda nurul huda sona rakibul huda surrendered