/asomiyapratidin/media/media_files/2025/01/24/Zqz6CQetwkI0wbmYijzX.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ বাতৰিয়ে মৰ টোপনি ভাঙিবলৈ সক্ষম হ’ল ঢকুৱাখনাৰ বিধায়ক নৱ দলেৰ । বৃহস্পতিবাৰে পুৱা বেলাই তৰা নৰা ছিঙি বিধায়কগৰাকী উপস্থিত হয় লোটাচুৰ অংশত । ঢকুৱাখনা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তা ,একাংশ গেৰুৱা বাহিনীৰ লগতে সংবাদ মাধ্যমক লগত লৈ ব্ৰহ্মপুত্ৰৰ শিহৰণকাৰী খহনীয়া পৰিদৰ্শন কৰিলে বিধায়ক দলে ।
ঢকুৱাখনা মাজুলীবাসীৰ ভৌগলিক পৰিসীমাৰ লগতে মুখ্যমন্ত্ৰীৰ সপোনৰ মথাউৰী আৰু পথৰ অস্তিত্বৰ প্ৰতি ভাবুকি মাতি অনা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া , ব্ৰহ্মপুত্ৰৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে বাঘচুক অংশত নিৰ্মাণ কৰা স্পাৰৰ মূৰৰ লগতে উজনি আৰু নামনি অংশত স্থাপন কৰা বৃহৎ পৰিমাণৰ অত্যাধুনিক জীঅ বেগ ,পৰ্কিউপাইন ব্ৰহ্মপুত্ৰৰ বুকুত উচন যোৱাৰ পাছতো মুক বধিৰৰ ভূমিকা পালিছিল জনপ্ৰতিনিধি গৰাকীয়ে। হাত সাৱটি বহি আছিল ঢকুৱাখনা জলসম্পদ বিভাগ ।
এই স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত ২০ জানুৱাৰীত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত বিস্তৃত বাতৰি প্ৰকাশৰ পাছতে সক্ৰিয় হয় বিধায়ক দলে । পৰিণতিত বৃহস্পতিবাৰে আৰম্ভ হ’ল নৌকা যাত্রা । বিধায়ক গৰাকীয়ে জলসম্পদ বিভাগ ,দলীয় নেতা কৰ্মীৰ লগতে একাংশ সংবাদকর্মীক সাৰথি কৰি লোটাচুৰৰ পৰা টেকেলিফুটা পৰ্যন্ত ঢকুৱাখনা সমষ্টিৰ ২২ কিলোমিটাৰ অংশ নৌকা যাত্ৰাৰে ব্ৰহ্মপুত্ৰৰ চিচি টেকেলিফুটা মথাউৰীৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে ।
বিভাগৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়োৰ সৈতে আলোচনাতো মিলিত হয় বিধায়কগৰাকী । জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই টেকেলিফুটাত ৰাজহুৱা সভা পাতি ঘোষণা কৰি যোৱা "এছিয়ান ডেভেলপমেন্ট বেংক"ৰ পুঁজিলৈ খাপ পিটি ৰোৱা জলসম্পদ বিভাগ বৰ্তমান পুঁজিহীন । খহনীয়া প্ৰতিৰোধ কৰিবলৈ নাই পৰ্যাপ্ত ধন ।
পৰৱৰ্তী পৰ্যায়ত বিধায়কগৰাকী আৰু জলসম্পদ বিভাগে উক্ত স্থানত খহনীয়া ৰোধৰ বাবে কি ব্যৱস্থা হাতত ল’ব তাৰ ওপৰত দৃষ্টি নিৱদ্ধ ৰাখিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ।