Advertisment

কৃষক ৰাইজক কথা ৰাখিলে হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাঙে...

গৰখীয়া পুখুৰী গাঁও আৰু দক্ষিণ দীঘলীপাৰ গাঁৱৰ ৰাইজে কৃষকসকলৰ খেতিৰ বাবে প্ৰথমে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙৰ ওচৰলৈ গৈ পানী যোগানৰ নলা মেৰামতিৰ বাবে আবেদন জনাইছিল।

author-image
Asomiya Pratidin
New Update
cvx

ডিজিটেল সংবাদ, হাওৰাঘাট:  নিজৰ পকেটৰ ধনেৰে হাওৰাঘাট অঞ্চলৰ খেতিপথাৰত পানী যোগানৰ বাবে নিজ মুখেৰে কৃষক ৰাইজ আৰু সংবাদ মাধ্যমৰ আগত প্ৰতিশ্ৰুতি দিয়াৰ পিছত কথা দি কথা ৰাখিলে হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাঙে। আনন্দত উৎফুল্লিত হৈ পৰিছে গৰখীয়া পুখুৰী গাঁও আৰু অঞ্চলটোৰ কৃষক ৰাইজ।

Advertisment

গৰখীয়া পুখুৰী গাঁও আৰু দক্ষিণ দীঘলীপাৰ গাঁৱৰ ৰাইজে কৃষকসকলৰ খেতিৰ বাবে প্ৰথমে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙৰ ওচৰলৈ গৈ পানী যোগানৰ নলা মেৰামতিৰ বাবে আবেদন জনাইছিল।

কৃষকসকলৰ এই আবেদনৰ প্ৰতি সন্মান জনাই বিধায়ক দৰছিং ৰংহাঙে ডিফুৰ পৰা আহি কৃষকৰ ওচৰত উপস্থিত হৈ বিধায়ক ৰংহাঙে নিজৰ পকেটৰ ধনেৰে নলা মেৰামতিৰ আশ্বাস দিয়াৰ লগতে আগন্তুক হ'বলগীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাজেটত জলসিঞ্চন বিভাগত কৃষকসকলৰ বাবে পানীৰ সুবিধাৰ্থে এতচন প্লান্ট আঁচনি ধৰি দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।  

উল্লেখ্য যে গৰখীয়া পুখুৰী গাঁৱৰ ৰাইজে লাখৰো অধিক ৰাইজৰ দান বৰঙণিৰে নলা খন্দা হয় যদিও অৰ্থৰ অভাৱত নলা খন্দাৰ কাম আধৰুৱা হৈ আছিল । সেই আধৰুৱা কামটো  আগতে দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়ে হাওৰাঘাটৰ বিধায়কগৰাকীয়ে নিজৰ পকেটৰ ধনেৰে খেতিয়কসকলৰ পানীৰ সুবিধাৰ্থে দেওবাৰে নলা খন্দাৰ কাম সম্পূৰ্ণ কৰি দিয়ে।

ফলত কৃষকসকলৰ মুখত হাঁহি বিৰিঙি উঠিছে আৰু আনন্দত উৎফুল্লিত হৈ পৰিছে। কৃষকসকলৰ বাবে এই নিস্বাৰ্থ কাম কৰি দিয়া বাবে বিধায়কগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ৰাইজে। ভৱিষ্যতে এই আঁচনিৰ জৰিয়তে নলাটো পকীকৰণ কৰি দিবৰ বাবে কৃষকসকলে অনুৰোধ জনাইছে।

কাৰ্বি আংলং