Advertisment

অসম নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তী সমাপন সমাৰোহ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ

অসম নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তী সমাপন সমাৰোহ তথা ১৬ সংখ্যক ত্ৰি-বাৰ্ষিক মহাধিৱেশন অহা ৬, ৭, ৮ আৰু ৯ ডিচেম্বৰৰ পৰা সৰুপথাৰৰ শিৱাজী ৰাই সমন্বয় ক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে

author-image
Asomiya Pratidin
New Update
biswajit

ডিজিটেল সংবাদ, নুমলীগড় : অসম নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তী সমাপন সমাৰোহ তথা ১৬ সংখ্যক ত্ৰি-বাৰ্ষিক মহাধিৱেশন অহা ৬, ৭, ৮ আৰু ৯ ডিচেম্বৰৰ পৰা সৰুপথাৰৰ শিৱাজী ৰাই সমন্বয় ক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। ইতিমধ্যে অধিৱেশনস্থলীত আদৰণী সমিতিয়ে বিভিন্ন নিৰ্মাণ কাৰ্য তীব্ৰগতিত চলাই গৈছে। 

Advertisment

মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব লগা এই বিশাল অনুষ্ঠানত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে শুকুৰবাৰে অধিৱেশনস্থলীত উপস্থিত হৈ ক্ৰমে গোৰ্খা টাঁড়ে ঘৰ, মুখ্য পেণ্ডেল, মঞ্চ, প্ৰদৰ্শনস্থলী, লিংগে পিঙৰ স্থলী, পতাকা উত্তোলন থলী, ছহিদ বেদীকে আদি কৰি স্থানসমূহৰ পৰিদৰ্শন কৰে। 

পৰিদৰ্শনকালত বিধায়কগৰাকীক সংগ দিয়ে আদৰণী সমিতিৰ মুখ্য সাধাৰণ সম্পাদক ৰাজু শ্ৰেষ্ঠ, উপ-সভাপতি ৰাজু খনাল, সাধাৰণ সম্পাদক চবিত বিষ্ট, কোষাধ্যক্ষ সাগৰ ৰাই, মেঘৰাজ বিশ্ব, বিজয় বিশ্ব, জগন্নাথ শৰ্মাকে আদি কৰি বহু কৰ্মকৰ্তাই। অধিৱেশনস্থলীত উপস্থিত হৈ বিধায়ক ফুকনে কয় যে অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি বিভিন্ন দপ্তৰৰ মন্ত্ৰীয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। 

এই অনুষ্ঠানৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ লগতে বুদ্ধিজীৱী, সাহিত্যিক, প্ৰতিনিধি তথা অতিথিসকলক আদৰণী জনোৱাৰ উদ্দেশ্যে পূৰ্ণ ৰূপেই প্ৰস্তুত বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে। আগত সময়ছোৱাতো তেওঁ অনুষ্ঠানৰ বিভিন্ন দিশ সম্পৰ্কে পূৰ্ণ সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য প্ৰকাশ কৰে। 

ইফালে বিধায়কগৰাকী অধিৱেশনস্থলীত উপস্থিত হোৱাৰ লগে লগে অধিৱেশনৰ সৈতে জড়িত লোকসকলৰ মাজত উচাহ দুগুণে বৃদ্ধি পোৱা বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰে।

নুমলীগড়