ডিজিটেল ডেস্কঃ বিধায়ক বিনোদ হাজৰিকাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত টিকট বিচাৰি আবেদন নকৰে । সংবাদমেলত এই কথা উল্লেখ কৰে বিধায়ক গৰাকীয়ে । এজিপি বিধায়ক পোনাকণ বৰুৱাই টিকট পোৱাটো নিশ্চিত বুলিও উল্লেখ কৰে হাজৰিকাই।
"মই আজিলৈকে টিকট বিচাৰি আবেদন কৰি পোৱা নাই, চাৰ্ভে ৰিপৰ্টত যাৰ ৰেকৰ্ড ভাল তাৰে নাম আহিব " এনেদৰে মন্তব্য কৰে বিধায়ক গৰাকীয়ে ।
আগন্তুক নিৰ্বাচনত পোনাকন বৰুৱা আৰু বিনোদ হাজৰিকা দুয়োজনকে ৰাইজে দেখিবলৈ পাব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে লাহোৱালৰ বিধায়ক গৰাকীয়ে ।অন্যহাতেদি আগন্তক পঞ্চায়ত নিৰ্বাচন বিজেপিয়ে অকলেই খেলিব বুলিও মন্তব্য কৰে বিধায়ক গৰাকীয়ে