/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/debf26cc-5e28-439b-8af6-487cc2a46353/koal_12.jpg)
koal smuggling
ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে কয়লাৰ অবৈধ ছিণ্ডিকেট। যাৰ বাবে গৃহ নিৰ্মাণকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যৰ সৰ্বসাধাৰণক। এই ছিণ্ডিকেটৰ সৈতে জড়িত হৈ আছে একাংশ ৰাজনৈতিক নেতাৰ লগতে ৰাজনৈতিক দলৰ নেতা-পালিনেতা আৰু মাফিয়া। এই অভিযোগ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। আজি গুৱাহাটীস্থিত ৰাইজৰ দলৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈয়ে এই অভিযোগ উত্থাপন কৰিছে।
কেৱল অভিযোগ উত্থাপনেই নহয় ছিণ্ডিকেটৰ ধন কোনে, কিদৰে আৰু কিমানকৈ সংগ্ৰহ কৰে সেই বিষয়েও স্পষ্টকৈ উল্লেখ কৰিলে অখিল গগৈয়ে। সংবাদ মেলৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ এই সংবাদমেল শুনিবলৈ আহ্বান জনাই কয় যে, গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ইটাৰ মূল্য ১০ টকাৰ পৰা ১৪ টকা হৈছেগৈ। একেদৰে চাহ উদ্যোগো কয়লাৰ ছিণ্ডিকেটৰ বাবেই প্ৰভাৱিত হৈছে।
এইদৰে গৃহ নিৰ্মাণকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত ৰাজ্যত গঢ়ি উঠা কয়লা ছিণ্ডিকেট বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়- চলিত বছৰৰ ছেপ্টেম্বৰ মাহৰ ১৩ তাৰিখৰ পৰা বৰাকত কয়লা ছিণ্ডিকেট অধিক সক্ৰিয় হৈ পৰিছে। মেঘালয়ৰ পৰা বৰাকৰ কেইবাখনো জিলাৰ লগতে বাংলাদেশলৈ অবৈধভাৱে কয়লা সৰবৰাহ হৈ আহিছে।
তেওঁ কয়, ৰাইজৰ অভিযোগ অনুসৰি বৰাকৰ এই কয়লা ছিণ্ডিকেটৰ নেতৃত্ব দিছে একাংশ ৰাজনৈতিক নেতাৰ লগতে পালিনেতা আৰু মাফিয়াই। এই ছিণ্ডিকেটৰ পৃষ্ঠপোষকতা কৰি আহিছে দিছপুৰে।
তেওঁ উত্থাপন কৰা অভিযোগ অনুসৰি অসম মেঘালয়ৰ সীমান্তত অবৈধ কয়লা কঢ়িওৱা প্ৰতিখন ১২ চকীয়া ট্ৰাকৰ পৰা ১ লাখ টকা, ১৪ চকীয়া ট্ৰাকৰ পৰা ১ লাখ ২০ হাজাৰ আৰু ১৬ চকীয়া ট্ৰাকৰ পৰা ১ লাখ ৩০ হাজাৰ টকাকৈ ছিণ্ডেকেট চক্ৰই সংগ্ৰহ কৰে। এই ধন সংগ্ৰহ কৰাৰ দায়িত্ব একাংশ নেতা, পালিনেতাই।
তেওঁ কয় বৰাকৰ পৰা বাংলাদেশলৈ যদি এই কয়লা সৰবৰাহ কৰা হয় তেন্তে অতিৰিক্ত ভাৱে ১ টন কয়লাৰ বিনিময়ত ৩৫০০ টক দিব লাগে। এনেদৰে প্ৰতিখন ট্ৰাকে ছিণ্ডিকেটৰ নামত ভৰিব লাগে মুঠ ২ লাখ ৩০ হাজাৰ টকা। ফলত অবৈধ কয়লাৰ কাৰবাৰ কৰা ব্যৱসায়ীয়ে এখন ট্ৰাকৰ পৰা লাভ কৰে মাত্ৰ ২০ হাজাৰ টকা।
বিধায়ক গগৈয়ে ইয়াৰ উপৰিও লিডু আৰু মাৰ্ঘেৰিটাতো পুনৰ কয়লাৰ এক বৃহত ছিণ্ডিকেট গঢ়ি উঠিছে বুলিও উল্লেখ কৰে। তেওঁ কয় অহা ১৪ অক্টোবৰৰ পৰা ইয়াত কয়লা ছিণ্ডিকেটৰ মূল কামখিনি আৰম্ভ হ'ব।
তেওঁ কয়, স্থানীয় ৰাইজে খবৰ দিয়া অনুসৰি দিহিং পাটকাইৰ ভিতৰত লেখা পানী ৰেঞ্জ, জাগুন ৰেঞ্জ, পূৱ আৰু পশ্চিম মাৰ্ঘেৰিটা ৰেঞ্জৰ ভিতৰলৈ ইতিমধ্যে ২০০ খন জে চি বি আৰু ফকলেণ্ড পাহাৰৰ মাজলৈ সোমাই গৈছে। এই ২০০ খন জে চি বি আৰু ফকলেণ্ডে পাহাৰখান্দি কয়লাৰ খনন কৰিব।
গগৈয়ে লিডু আৰু মাৰ্ঘেৰিটাৰ কয়লা খনন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰা 'ৱান মেন কমিচন অফ এনকুৱাৰি ৰিপ'ৰ্ট ইন টু ভলিউমছ বাই জাষ্টিছ ব্ৰজেন্দ্ৰ প্ৰসাদ কটকী' প্ৰতিবেদনত উল্লেখ কৰা এক তথ্যৰ উৰ্ধৃতি দি কয় যে, প্ৰতিবেদনখনত স্পষ্টকৈ উল্লেখ আছে মাৰ্ঘেৰিটাৰ এছ ডি অ' (চিভিল) য়ে দিয়া তথ্য অনুসৰি লিডু, মাৰ্ঘেৰিটাত প্ৰতিদিনে ৪০ হাজাৰ শ্ৰমিকে দুবাৰকৈ পাহাৰৰ পৰা কয়লা কঢ়িয়াই আনে। এবাৰত এই শ্ৰমিকসকলে কঢ়িয়াই ৩০ ৰ পৰা ৪০ কেজি কয়লা। এইদৰে প্ৰতিদিনে কেৱল শ্ৰমিকেই প্ৰায় ১২ লাখ কেজি অবৈধ কয়লা কঢ়িয়াই আনে।
বিধায়ক অখিল গগৈৰ এনে গুৰুতৰ অভিযোগৰ পিছত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনদৰে গঢ়ি উঠা ছিণ্ডিকেটৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়। আনহাতে অবৈধ কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে দীৰ্ঘদিনে উত্থাপিত অভিযোগৰ পিছতো ৰাজ্যৰ চৰকাৰ তথা প্ৰশাসনে কোনো বিশেষ ব্যৱস্থা আজি পৰ্যন্ত গ্ৰহণ কৰা নাই।
বিগত কংগ্ৰেছ চৰকাৰ দিনৰ পৰাই বৰাক আৰু উজনি অসমৰ ছিণ্ডিকেটক লৈ বহু বাতৰি প্ৰকাশ হোৱাৰ লগতে তথ্যসহকাৰে এই ছিণ্ডিকেট পোহৰলৈ আহিছে। তাৰ পাছতো তেতিয়াৰ কংগ্ৰেছ অথবা এতিয়াৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা নাই কোনো বিশেষ পদক্ষেপ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত অবৈধ ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ হুংকাৰ দিয়াৰ মাত্ৰ কেইটামান দিনৰ পিছতে বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা এই অভিযোগক কিদৰে লয় সেয়া হ'ব লক্ষ্যণীয়।