বিলাসীপাৰাত মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ...

বিজেপি চৰকাৰক ওফৰাবলৈ হ’লে ৰাইজৰ দল আৰু কংগ্ৰেছ একত্ৰিত হ’ব লাগিব। এই সভাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তানৰ বিষয়ে কৰা মন্তব্য সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে অখিল গগৈয়ে।

author-image
Asomiya Pratidin
New Update
বিলাসীপাৰাত মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ

ডিজিটেল সংবাদ, বিলাসীপাৰা : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মতাক মাইকী আৰু মাইকীক মতা বনোৱা দুই নম্বৰী মানুহ- এই মন্তব্য ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। বিলাসীপাৰাৰ চৰাঞ্চলৰ কাঠাদিত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি বিধায়ক অখিল গগৈয়ে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। লগতে সভাত মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

Advertisment

বিধায়কগৰাকীয়ে লগতে কয় যে, বিজেপি চৰকাৰক ওফৰাবলৈ হ’লে ৰাইজৰ দল আৰু কংগ্ৰেছ একত্ৰিত হ’ব লাগিব। এই সভাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তানৰ বিষয়ে কৰা মন্তব্য সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে অখিল গগৈয়ে।

তেওঁ কয়- গৌৰৱ গগৈ যদি ভাৰতৰ কোনো গোপন তথ্য পাকিস্তানক যোগান ধৰা নাই তেন্তে গৌৰৱ গগৈ ভিছা লৈ পাকিস্তানত যোৱাত কোন অপৰাধ হ’ব নোৱাৰে । কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও পাকিস্তানত গৈ বিৰিয়ানি খাই আহিছে। 

উল্লেখযোগ্য যে, নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি অখিল গগৈয়ে ৰাইজক উদ্দেশ্যি কয় যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত কেইবাখনো জিলা পৰিষদৰ লগতে আঞ্চলিক পঞ্চায়ত আদিত ৰাইজৰ দলৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হ’ব।

অখিল গগৈ