মিজোৰামত নিচাযুক্ত সামগ্ৰীসহ মৰণাস্ত্ৰ জব্দ...

মিজোৰামৰ ভাৰত ম্যানমাৰ সীমান্তৰ চাম্পাই জিলাৰ জোখোৱাথাৰত ৬৮.০৩ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ কৰে। সীমান্ত এলেকাত ১৯ পেকেটত লুকুৱাই ৰখা অৱস্থাত জব্দ‌ কৰা হয় ২২.৬৭৬ কেজি মেথামফেটা মাইন টেবলেট।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শিলচৰ: চুবুৰীয়া ৰাজ্য মিজোৰামত নিচাজাতীয় সামগ্ৰী আৰু অবৈধ‌ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে অসম ৰাইফলছ আৰু আৰক্ষীৰ। গোপন‌ তথ্যৰ ভিত্তিত অভিযান চলাই বিগত ৪৮ ঘন্টাৰ ভিতৰত বুজণ পৰিমাণৰ মেথামফেটামাইন টেবলেট, গাঞ্জা আৰু কেবাটাও অবৈধ মাৰণাস্ত্ৰৰ জব্দ কৰিছে অসম ৰাইফলছ আৰু আৰক্ষীয়ে।

নিৰাপত্তা বাহিনীৰ যুটীয়া অভিযানত মিজোৰামৰ ভাৰত ম্যানমাৰ সীমান্তৰ চাম্পাই জিলাৰ জোখোৱাথাৰত ৬৮.০৩ কোটি টকাৰ বৃহৎ পৰিমাণৰ মেথামফেটামাইন টেবলেট জব্দ কৰে। সীমান্ত এলেকাত  
১৯ পেকেটত লুকুৱাই ৰখা অৱস্থাত জব্দ‌ কৰা হয় ২২.৬৭৬ কেজি মেথামফেটা মাইন টেবলেট। জব্দ কৰা টেবলেট খিনিৰ মূল্য প্ৰায় ৬৮.০৩ কোটি টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে।‌ 

আনহাতে, অসম ৰাইফলছ আৰু আৰক্ষীয়ে মিজোৰামৰ ছাৰছিপ জিলাত অভিযান চলাই ৬ টা ১২ ব'ৰৰ ছিংগল বেৰেল গান সহ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।‌ আন এক অভিযানত চাম্পাই জিলাৰ ছুংটে এলেকাৰ পৰা কাষ্টম বিভাগ আৰু অসম ৰাইফলছে ৫০ কাৰ্টন বিদেশী চিগাৰেট জব্দ কৰিছে। জব্দ কৃত চিগাৰেট খিনিৰ মূল্য প্ৰায় ৬৫ লাখ টকা। অনুৰূপ এক অভিযানত আইজলৰ চিফিৰ নেইবাইহৰ পৰা ১৮ লাখ টকাৰ ১৮ কেজি গাঞ্জাও জব্দ কৰে আবকাৰী বিভাগ আৰু অসম ৰাইফলছে।

মিজোৰাম