তৃণমূল কংগ্ৰেছত যোগদান কৰাতো মোৰ আটাইতকৈ ডাঙৰ ভুল সিদ্ধান্তঃ মিঠুন চক্ৰৱৰ্তী

অসমৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত মন্তব্য আগবঢ়াই অভিনেতা গৰাকীয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মা এজন শক্তিশালী মুখ্যমন্ত্রী। তেওঁৰ হাড় মজবুত। পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰীৰ লগত তেওঁৰ কোনো তুলনা নহয়।  

author-image
Asomiya Pratidin
New Update
ৈা

ডিজিটেল সংবাদ,শিলচৰঃ এবিভিপি ৰ উদ্যোগত আয়োজিত বৰাক সাংস্কৃতিক মহোৎসৱৰ গ্রেণ্ড ফাইনেলৰ বাবে শিলচৰত আহি উপস্থিত হৈছে অভিনেতা মিঠুন চক্রবর্তী ৷ শিলচৰত উপস্থিত হৈ তেওঁ এক সাংবাদ মেলত অংশগ্ৰহণ কৰে।

Advertisment

সংবাদমেলত অসম, পশ্চিমবঙ্গ সহ দেশৰ বিভিন্ন বিষয় লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মিঠুন চক্ৰৱৰ্তীয়ে। অসমৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত মন্তব্য আগবঢ়াই অভিনেতা গৰাকীয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মা এজন শক্তিশালী মুখ্যমন্ত্রী। তেওঁৰ হাড় মজবুত। পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰীৰ লগত তেওঁৰ কোনো তুলনা নহয়।  

লগতে তেওঁ পশ্চিমবংগৰ মুৰ্চিদাবাদত ৱাকফ আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত কয় যে, ৱাকফ আইনৰ বিৰুদ্ধে মুৰ্চিদাবাদত যি হিংসাত্মক ঘটনা সংঘটিত হৈছে এয়া অতি দুৰ্ভাগ্যজনক। ৱাকফ আইন লৈ এইদৰে প্ৰতিবাদ চলি থাকিলে কেন্দ্ৰ চৰকাৰে কঠোৰ হাতেৰে ব্যবস্থা গ্ৰহণ কৰিব লাগিব ৷ প্ৰয়োজনত পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব লাগিব।

পশ্চিমবংগ হৈ অবৈধ বাংলাদেশী অনুপ্ৰৱেশৰ ঘটনা লৈ মিঠুন চক্ৰৱৰ্তীয়ে কয় যে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাংলাদেশী সকলে পশ্চিমবংগৰ মাজেদি ভাৰতত প্ৰৱেশ কৰিলে বিএছএফক দোষ দিয়ে। বিএছএফক দোষ নিদি তেওঁৰ পুলিচে কি কৰি আছে বুলি প্ৰশ্ন কৰে অভিনেতা গৰাকীয়ে ।

তৃণমূল কংগ্ৰেছত তেওঁৰ যোগদান সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মিঠুন চক্ৰৱৰ্তীয়ে কয় যে, তৃণমূল কংগ্ৰেছত যোগদান কৰাতো মোৰ জীৱনৰ আটাইতকৈ ভুল সিদ্ধান্ত আছিল। তেতিয়াৰ তৃণমূল কংগ্ৰেছ আৰু বৰ্তমান তৃণমূল কংগ্ৰেছৰ মাজত বহু পাৰ্থক্য আছে বুলি সাংবাদমেলত মন্তব্য কৰে অভিনেতা মিঠুন চক্ৰৱৰ্তীয়ে।

মিঠুন চক্ৰৱৰ্তী