Advertisment

ভাৰতীয় মহিলাই ড্ৰোণ চলোৱা দেখি আচৰিত আমেৰিকান অধ্যাপক...

ভাৰত চৰকাৰ মহিলা সবলীকৰণৰ নীতি দেখি অভিভূত হৈ পৰে আমেৰিকাৰ  এম আই টিৰ এগৰাকী জ্যেষ্ঠ প্ৰবক্তা। শেহতীয়াকৈ,  এমআইটিৰ অধ্যাপক জনাথন ফ্লেমিংয়ে আইচিএআৰত নমো ড্ৰোন ডিডিছৰ সৈতে মত বিনিময় কৰে, মহিলা সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰী প্ৰচেষ্টাক প্ৰশংসা কৰে।

author-image
Asomiya Pratidin
New Update
ভাৰত চৰকাৰ মহিলা সবলীকৰণৰ নীতি দেখি অভিভূত হৈ পৰে আমেৰিকাৰ  এম আই টিৰ এগৰাকী জ্যেষ্ঠ প্ৰবক্তা। শেহতীয়াকৈ,  এমআইটিৰ অধ্যাপক জনাথন ফ্লেমিংয়ে আইচিএআৰত নমো ড্ৰোন ডিডিছৰ সৈতে মত বিনিময় কৰে, মহিলা সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰী প্ৰচেষ্টাক প্ৰশংসা কৰে।

ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰ মহিলা সবলীকৰণৰ নীতি দেখি অভিভূত হৈ পৰে আমেৰিকাৰ  এম আই টিৰ এগৰাকী জ্যেষ্ঠ প্ৰবক্তা। শেহতীয়াকৈ,  এমআইটিৰ অধ্যাপক জনাথন ফ্লেমিংয়ে আইচিএআৰত নমো ড্ৰোন ডিডিছৰ সৈতে মত বিনিময় কৰে, মহিলা সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰী প্ৰচেষ্টাক প্ৰশংসা কৰে।

Advertisment

যোৱা ১মাৰ্চত নতুন দিল্লীৰ আই চি এ আৰ পুছা কেম্পাছত উপস্থিত হৈ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ পন্থা দেখি অভিভূত হৈ পৰে আমেৰিকান প্ৰৱক্তা গৰাকী। এই ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা পন্থাক অতি উচ্চ মানৰ বুলি অভিহিত কৰে তেওঁ।

উল্লেখ কৰা প্ৰয়োজন যে, নতুন দিল্লীৰ আই চি এ আৰ পুছা কেম্পাছত মহিলাসকলে ড্ৰোণৰ জৰিয়তে খেতি পথাৰত কিদৰে কীটনাশক দিয়া হয় আৰু অন্যান্য কিছু কাম  কিদৰে ড্ৰোণৰ জৰিয়তে কৰিব পাৰি তাক লৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচেষ্টাত আৰম্ভ কৰা হৈছিল এই কেন্দ্ৰটো। 

এমআইটিৰ অধ্যাপক জনাথন ফ্লেমিংয়ে কেন্দ্ৰটোত থকা মহিলাসকলৰ ড্ৰোণ পৰিচালনা কৰাৰ কৌশল দেখি কয় যে, অন্যান্য বিভিন্ন দিশৰ লগতে প্ৰযুক্তিগত বিষয়ত মহিলাসকলক এনেদৰে আগুৱাই নিয়াতো খুবেই এটা ডাঙৰ কাম। ভৱিষ্যতৰ এখন উন্নত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত এই দিশসমূহে উল্লেখনীয় অৱদান আগবঢ়াব।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত লগতে এমআইটিৰ অধ্যাপক জনাথন ফ্লেমিংয়ে কয়- আমেৰিকাত যিসকলে ড্ৰোণ পৰিচালনা কৰে, তাৰ ১০০শতাংশই পুৰুষ। কিন্তু ভাৰতত মই এই ছবিখন দেখি সচাঁই আনন্দিত হৈছো। মই আমেৰিকান প্ৰশাসনকো এই বিষয়টো বিবেচনা কৰিবলৈ আহ্বান জনাম। ভাৰতক এই চিন্তাৰ বাবে মই শলাগ লৈছো। 

আমেৰিকা