দক্ষিণ শালমাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এই অভিযানত আৰক্ষীয়ে নিচাযুক্ত

author-image
Asomiya Pratidin
New Update
দক্ষিণ শালমাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এই অভিযানত আৰক্ষীয়ে নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ কৰে এজনক।

আৰক্ষীয়ে জনোৱা অনুসৰি কুছবাৰী গাঁৱৰ দিদাৰুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ী জনৰ ঘৰত অভযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰিছে। আনহাতে অভিযানত তেওঁৰ ঘৰৰ পৰা ২৮৮ টা নিচাযুক্ত টেবলেট জব্দ কৰা হৈছে লগতে শুকুৰ বাৰে ড্ৰাগছ ব্যৱসায়ীজনক ধুবুৰী আদালতত হাজিৰ কৰা হ'ব বুলি জানিবলৈ দিয়ে।

আৰু পঢ়কঃ কৰিমগঞ্জৰ জিলা কাৰাগাৰত ২২ গৰাকী কয়দী অসুস্থ

drugs Assam police