কচুৱাৰ দুই কিশোৰ সন্ধানহীন...

কচুৱাৰ জুৰিৰপাৰৰ একে গাঁৱৰ দুগৰাকী কিশোৰ সন্ধানহীন । নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত জুৰিৰপাৰৰ একে গাঁৱৰ দুগৰাকীকৈ কিশোৰ সন্ধানহীন হোৱাত অঞ্চল জুৰি তীব্ৰ চাঞ্চলৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
ujujdddd

ডিজিটেল সংবাদ, কামপুৰঃ  কচুৱাৰ জুৰিৰপাৰৰ একে গাঁৱৰ দুগৰাকী কিশোৰ সন্ধানহীন । নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত জুৰিৰপাৰৰ একে গাঁৱৰ দুগৰাকীকৈ কিশোৰ সন্ধানহীন হোৱাত অঞ্চল জুৰি তীব্ৰ চাঞ্চলৰ সৃষ্টি হৈছে।

আজি তিনিদিন ধৰি সন্ধানহীন হৈ আছে কিশোৰ দুগৰাকী। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিও কোনো সন্ধান উলিওৱা পৰা নাই কিশোৰ দুগৰাকীৰ। সন্ধানহীন কিশোৰ দুগৰাকী ১৪ বছৰীয়া ৰকিবুল হুছেইন আৰু ১৫ বছৰীয়া মুচফিকুৰ ৰহমান বুলি জানিব দিয়ে।

সন্ধানহীন কিশোৰ গৰাকীৰ কিবা সম্ভেদ পালে 7638024303 অথবা 7356108683 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে।

কচুৱা