/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/2c4423f9-eaca-44ed-820f-bedaf977a8c2/TMC_24.jpg)
তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা নিৰুদ্দেশ চিকিৎসাধীন লোক...
ডিজিটেল সংবাদ কলিয়াবৰঃ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত এজন ৫০ বছৰীয়া লোক চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা শনিবাৰে নিশা চিকিৎসালয়খনত ভৰ্তি কৰাৰ পিছৰে পৰা এসপ্তাহ ধৰি সন্ধানহীন হৈ আছে লোকজন।
নিৰুদৃষ্ট লোকজন গোলাঘাট জিলাৰ সৰুপথাৰৰ অনিল সূত্ৰধৰ। কলিয়াবৰৰ বালিবাটত অৱস্থিত এচিপ্ৰিকন নামৰ পকী খুঁটা প্ৰস্তুতকাৰী উদ্যোগটোৰ কৰ্মচাৰী অনিল সূত্ৰধৰ যোৱা ১৭ ডিচেম্বৰৰ নিশা কলিয়াবৰৰ বৰালীগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পৰি আঘাতপ্ৰাপ্ত হৈছিল।
ইয়াৰ পিছতে লোকজনক প্ৰথমতে জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছিল উদ্যোগটোৰ কৰ্তৃপক্ষই। তেজপুৰৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰাই নাম পঞ্জীয়ন কৰাৰ পিছৰে পৰাই ৰহস্যজনক ভাৱে সন্ধানহীন হৈ আছে লোকজন।
জানিব পৰা মতে, মূৰত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল লোকজন। বিগত এটা সপ্তাহে আঘাতপ্ৰাপ্ত লোকজনৰ কোনো সম্ভেদ নোলোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। ইফালে, লোকজনৰ নিৰুদ্দেশ সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষ আৰু উদ্যোগ কৰ্তৃপক্ষই পৃথকে পৃথকে আৰক্ষীক অৱগত কৰিছে।
সন্ধানহীন লোকজনৰ কিবা সম্ভেদ পালে স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ উভয় পক্ষই আহ্বান জনাইছে।
ক্লিক কৰি পঢ়কঃ AJYCP ৰ শদিয়া অধিবেশনক লৈ ব্যাপক প্ৰস্তুতি: সভাপতিৰ দৌৰত পলাশ চাংমাই...