AJYCP ৰ শদিয়া অধিবেশনক লৈ ব্যাপক প্ৰস্তুতি: সভাপতিৰ দৌৰত পলাশ চাংমাই...
AJYCP ৰ শদিয়া অধিবেশনক লৈ ব্যাপক প্ৰস্তুতি: সভাপতিৰ দৌৰত পলাশ চাংমাই...

AJYCP ৰ শদিয়া অধিবেশনক লৈ ব্যাপক প্ৰস্তুতি: সভাপতিৰ দৌৰত পলাশ চাংমাই...

ডিজিটেল সংবাদ তিনিচুকীয়া: অসমত পূৰ্ণ স্বায়ত্ব শাসন, আন্ত:ৰাজ্যিক পাৰপত্ৰ আৰু দ্বি-নাগৰিকত্ব প্ৰৱৰ্তনৰ মূল দাবীৰে ১৯৭৮ বৰ্ষত জন্ম লাভ কৰি চাৰিটা দশকতকৈ অধিক কাল ধাৰাবাহিক আন্দোলন অব্যাহত ৰখা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিংশতিতম কেন্দ্ৰীয় দ্বি-বাৰ্ষিক শদিয়া অধিৱেশনক লৈ ব্যাপক প্ৰস্তুতি চলিছে।

তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত তথা শদিয়াবাসী ৰাইজৰ সহযোগত অহা ৫, ৬, ৭ আৰু ৮ জানুৱাৰীত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব এই অধিৱেশন। বহু প্ৰত্যাশিত এই কেন্দ্ৰীয় অধিৱেশনক লৈ জিলা সমিতিৰ লগতে উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলে দিন-ৰাতি একাকাৰ কৰি অধিৱেশনথলী মুখৰ কৰি তুলিছে ।

প্ৰায় ১ কোটি ৩০ লাখ টকা বাজেট প্ৰস্তুত কৰি তিনিশ ফুট দীঘল, আশী ফুট বহল অধিৱেশনৰ মূল মণ্ডপৰ লগতে প্ৰতিনিধি সভাগৃহ, অতিথি আপ্যায়নস্থলী তথা খাদ্যগৃহ, দুই শতাধিক গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বিপণী, কাৰেংঘৰৰ আৰ্হিৰে অতিথিশালা, ৰংঘৰৰ আৰ্হিৰে মূল আদৰণি তোৰণৰ নিৰ্মাণ যুদ্ধকালীন তৎপৰতাৰে অব্যাহত আছে । তদুপৰি অতিথি আৰু প্ৰতিনিধিসকলক আদৰিবলৈ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে জিলাখনৰ পানীতোলাৰ পৰা শদিয়ালৈ প্ৰায় শতাধিক আদৰণি তোৰণ নিৰ্মাণ কৰি 'ৰিং এটাৰ বাট' শদিয়াৰ যাত্ৰা অনন্য কৰি তুলিব ।

মুঠৰ ওপৰত ৫ হেজাৰ প্ৰতিনিধিৰ লগতে অতিথি-দৰ্শকক আদৰিবলৈ সম্পূৰ্ণ সাজু হৈছে ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ । চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰ এই কেন্দ্ৰীয় অধিৱেশনৰ প্ৰথম দিনটোত মূল তোৰণ উদ্বোধন, মঞ্চ উন্মোচন, গ্ৰন্থ আৰু বাণিজ্য মেলা উদ্বোধন, প্ৰতিনিধি শিৱিৰ মুকলি, প্ৰতিনিধি পঞ্জীয়ণ আৰু সন্ধিয়া বন্তি প্ৰজ্বলনৰ অন্তত পৰিষদৰ ২০২০-২২ কাৰ্যকালৰ অন্তিমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব ।

দ্বিতীয় দিনা পতাকা উত্তোলন, স্মৃতি তৰ্পন, সতীৰ্থ স্মৰণ, প্ৰতিনিধি সভাৰ সামৰণিৰ পিছত অসম-অৰুণাচল প্ৰদেশ সমন্বয় সাংস্কৃতিক সমাৰোহ সম্পন্ন হ'ব । এই সমাৰোহত অসমৰ লগতে চুবুৰীয়া ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক জাতি-জনজাতি তথা জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব ।

নিশালৈ ইন্দিৰা মিৰি সোঁৱৰণি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব । তৃতীয় দিনা অধিৱেশনথলীৰ পৰা সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ'ব । শোভাযাত্ৰাত শতাধিক সাংস্কৃতিক দলে অংশগ্ৰহণ কৰাতো নিশ্চিত কৰা বুলি উদযাপন সমিতিয়ে সদৰি কৰিছে ।

শোভাযাত্ৰাৰ সামৰণিত সভাপতি ৰাণাপ্ৰতাপ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হ'ব মুকলি সভা । 'সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই উদ্বোধন কৰিবলগা মুকলি সভাত মুখ্য অতিথিৰূপে 'অসম সাহিত্য সভা'ৰ সভাপতি ড° কুলধৰ শইকীয়া, শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ আৰু আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য, নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট নিৱন্ধকাৰ তথা যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক অদীপ কুমাৰ ফুকন, বিশিষ্ট অতিথিৰূপে সাহিত্যিক ড° ৰীতা চৌধুৰী, য়েছে দৰ্জে ঠংচি, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে মুখ্য কৰি অসমৰ প্ৰতিটো জাতি-জনজাতি তথা জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকিব ।

অন্যহাতে সন্মানীয় অতিথি হিচাপে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুকে ধৰি অসমৰ বৈদ্যুতিক প্ৰচাৰ মাধ্যমৰ কেইবাগৰাকীও সাংবাদিক-সম্পাদকক আমন্ত্ৰণ জনোৱা হৈছে বুলি উদযাপন সমিতিয়ে উল্লেখ কৰিছে । মুকলি সভাত স্মৃতিগ্ৰন্থ 'অভিযাত্ৰী' উন্মোচন কৰিব অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক হীৰেণ নাথে আৰু 'স্বধয়াপুৰী' উন্মোচন কৰিব বীৰ ৰাঘৱ মৰাণ আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অমৰজ্যোতি শইকীয়াই ।

সন্ধিয়ালৈ বিপুল মহন্ত সোঁৱৰণি সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে । অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ ৮ জানুৱাৰী তাৰিখে প্ৰতিনিধি সভাৰ অন্তিমখন বৈঠকৰ পিছত বহুপ্ৰত্যাশিত বিষয়-বাচনি সভা অনুষ্ঠিত হ'ব । বিশেষ সূত্ৰে জানিব পৰা মতে সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে এইবাৰ সভাপতি পদৰ বাবে নিজকে প্ৰক্ষেপ কৰিব ।

অন্যহাতে সভাপতি ৰাণাপ্ৰতাপ বৰুৱা মুখ্য উপদেষ্টা হিচাপে মনোনীত হোৱাৰ সম্ভাৱনা আছে। সভাপতিৰ দৌৰত পলাশ চাংমাইৰ বাদে এইপৰ্যন্ত কোনো প্ৰাৰ্থীৰ নাম উচ্চাৰিত হোৱা নাই । ইফালে সাধাৰণ সম্পাদকৰ দৌৰত চাৰিগৰাকী প্ৰাৰ্থীৰ নাম পোহৰলৈ আহিছে ।

তেওঁলোক হ'ল ৰাতুল বৰগোহাঁই (ধেমাজি), বিজন বায়ন (বজালী), সৌৰভ দাস (লখিমপুৰ) আৰু জিতুল ৰাজখোৱা (গোলাঘাট) । এই কেউজন সাধাৰণ সম্পাদকৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি পৰিষদৰ ভিতৰে-বাহিৰে আলোচিত হৈছে ।

আনফালে যিহেতু তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত অধিৱেশনখনি আয়োজিত হৈছে তেনেস্থলত জিলাখনৰ পৰাও কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বিপৰীতে এগৰাকী সবল দাবীদাৰ প্ৰক্ষেপিত হোৱাৰ সম্ভাৱনা আছে । অন্তিম দিনাৰ অন্তিম কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কন্ঠশিল্পী নীলাক্ষী নেওগে ।

অধিৱেশনৰ চাৰিটা দিনৰ প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ আৰু সহায়-সহযোগিতা আগবঢ়াবলৈ জিলা সমিতিৰ লগতে উদযাপন সমিতিয়ে সকলোকে আহ্বান জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in