/asomiyapratidin/media/media_files/2025/07/18/428-2025-07-18-10-37-30.jpg)
ডিজিটেল সংবাদ,কামপুৰ : নগাঁও জিলাৰ কামপুৰ থানাৰ অন্তৰ্গত চিমলাই পথাৰৰ পৰা এসপ্তাহ ধৰি এটি ১০ বছৰীয়া শিশু সন্ধানহীন হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। ১০ বছৰীয়া নাতিক বিচাৰি হাবাথুৰি খাইছে এহাল বৃদ্ধই।
জানিব পৰা মতে শনিবাৰে নেকিবুৰ ৰহমান নামৰ শিশুটিয়ে গাঁৱতে এখন মাদ্ৰাছালৈ গৈ থকা অৱস্থাত সন্ধানহীন হৈছিল। পিতৃ নুৰুল হক কৰ্মসূত্ৰে বহিঃৰাজ্যত থকাৰ লগতে নেকিবুৰ ৰহমানক বিচাৰি বৃদ্ধ ককাক- আইতাকে বিভিন্ন ঠাইত বিভিন্ন বিচাৰ -খোচাৰ কৰিছে যদিও এতিয়ালৈকে কোনো সন্ধান পোৱা নাই।
কোনো লোকে সন্ধান পালে স্থানীয় আৰক্ষী চকী অথবা তলৰ ফোন নম্বৰত যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছে পৰিয়ালে। ফোন- ৭৬৩৮৮৯৮৭২৫ / ৬০০০৩৭৭৬২৯।