বহিঃ ৰাজ্যত সন্ধানহীন বৰমাৰ যুৱক

পুনৰ বহিঃৰাজ্যত কাম বিচাৰি গৈ বাক্সাৰ এজন লোক সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

author-image
Asomiya Pratidin
New Update
বহিঃ ৰাজ্যত সন্ধানহীন বৰমাৰ যুৱক

ডিজিটেল সংবাদ, বৰমা : পুনৰ বহিঃৰাজ্যত কাম বিচাৰি গৈ বাক্সাৰ এজন লোক সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বাক্সা জিলাৰ বৰমাৰ নিকটৱৰ্তী ভোগপুৰ গাঁৱৰ প্ৰয়াত স্ববেন স্বৰ্গীয়াৰী আৰু ৰেৱতী স্বৰ্গীয়াৰীৰ একমাত্ৰ পুত্ৰ বুদ্ধ স্বৰ্গীয়াৰীয়ে(৩৪) কাম বিচাৰি লগৰীয়াৰ সৈতে দক্ষিণ ভাৰতলৈ যাত্ৰা কৰিছিল ৷ 

Advertisment

জানিব পৰা মতে যোৱা ২৮ এপ্ৰিলত তেওঁলোক ৰঙিয়াৰ পৰা বাংগালোৰ এক্সপ্ৰেছত উঠিছিল ৷ গন্তব্যস্থান পোৱাত লগৰীয়াসকলে বিচাৰ খোচাৰ কৰি নপোৱাত কথাটো পৰিয়ালক জনায় ৷ ইতিমধ্যে তেওঁৰ হাতত থকা মোবাইটো বন্ধ হৈ আছে ৷ পৰিয়ালৰ লোকে বৰমা থানা আৰু ৰঙিয়া ৰে’লষ্টেচনত অভিযোগ দিছে ৷

barama police barama