বহি:ৰাজ্যত সন্ধানহীন বঢ়মপুৰৰ যুৱক, সংগীত শিল্পী গীতাৰ্থ প্ৰতিম

বহি:ৰাজ্যত সন্ধানহীন বঢ়মপুৰৰ যুৱক, সংগীত শিল্পী গীতাৰ্থ প্ৰতিম
বহি:ৰাজ্যত সন্ধানহীন বঢ়মপুৰৰ যুৱক, সংগীত শিল্পী গীতাৰ্থ প্ৰতিম

ডিজিটেল সংবাদ নগাঁও : বহি:ৰাজ্যত সন্ধানহীন নগাঁৱৰ যুৱক ৷ গুজৰাটৰ এটি ৰেল ষ্টেচনৰ পৰা দেওঁবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈছে যুৱকজন ৷ যুৱকজনৰ নাম হৈছে গীতাৰ্থ প্ৰতিম ভূঞা ৷

গুজৰাটৰ এটি অইল কোম্পানীত কৰ্মৰত গীতাৰ্থ চুটিত ঘৰলৈ আহিবলৈ সাজু হৈছিল ৷ সেই মৰ্ম্মে দেওঁবাৰে সন্ধ্যা লালগড় ৰেলষ্টেচনত উপস্হিত হৈছিল ৷ অসম অভিমুখী ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ ৰে'লৰ সময় পলম হোৱাত ৰে'ল ষ্টেচনতে যুৱকজনে অপেক্ষা কৰিছিল নিশা এঘাৰ বজালৈ বুলি ৷

সন্ধ্যালৈকে গীতাৰ্থ প্ৰতিম ভূঞাৰে পৰিয়ালৰ লোকৰ টেলিফোনত যোগাযোগ আছিল যদিও নিশা বৃদ্ধি পোৱাত যোগাযোগ নোহোৱা হয় ৷ পিছত ৰে'ল ষ্টেচনত যুৱকজনে ব্যৱহাৰ কৰা মবাইলটো ৰে'ল পুলিচে উদ্ধাৰ কৰি পৰিয়ালক অৱগত কৰে যে, গীতাৰ্থৰ সন্ধান পোৱা নাই ৷

এই ঘটনাৰ পিছত সোমবাৰে দুপৰ ভাগত সন্ধানহীন যুৱকজনৰ পৰিয়ালৰ লোকে নগাঁৱৰ ইটাচালি টাউন আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ নগাঁৱৰ বঢ়মপুৰৰ যুৱকজন দেওঁবাৰৰ পৰা বহি:ৰাজ্যত সন্ধানহীন হৈ পৰাত পৰিয়ালৰ লোক উদ্বিগ্নতাৰে সময় পাৰ কৰিছে ৷ সন্ধানহীন হৈ পৰা গীতাৰ্থ প্ৰতিম ভূঞা সংগীত শিল্পীও আছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in