/asomiyapratidin/media/media_files/2025/05/09/hvuyEnB5bRWGL6zG5rbD.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানে নিক্ষেপ কৰা প্ৰতিটো মিছাইল আকাশতে ধ্বংস কৰিছে ভাৰতে। ভাৰতৰ সৈতে কোনোপধ্যেই পৰা নাই পাকিস্তানে। মিছাইল ডিফেঞ্চ চিষ্টেম S400ৰ জৰিয়তে পাকিস্তানৰ প্ৰতিটো মিছাইল আকাশমাৰ্গতে ধ্বংস কৰিছে ভাৰতে।
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰায় ৫.৪ বিলিয়ন টকা খৰচ কৰি ভাৰতে পৃথিৱীৰ আটাইতকৈ শক্তিশালী মিছাইল ডিফেঞ্চ চিষ্টেম S400 ৰাছিয়াৰ পৰা ক্ৰয় কৰিছিল । দেশৰ প্ৰতিবন্ধকতা নেওচি ভাৰতে এই চুক্তি সম্পূৰ্ণ কৰিছিল। যাৰ বাবে আজি ভাৰতবাসী সুখনিদ্ৰাত আছে । এই মিছাইল ডিফেঞ্চ চিষ্টেমৰ জৰিয়তেই পাকিস্তানে ভাৰতৰ ভূমিত বিশেষ কোনো মিছাইল আক্ৰমণ সফল কৰিব পৰা নাই।
ইফালে চীনৰ পৰা পাকিস্তানে ক্ৰয় কৰা মিছাইল ডিফেঞ্চ চিষ্টেম ভাৰতীয় মিছাইলে ধ্বংস কৰি উৰুৱাই দিছে। ইয়াৰ পিছতে চীনৰ ওপৰত ক্ষোভ উজাৰিছে পাকিস্তানে। এই ঘটনা সংঘটিত হোৱাৰ পাছতে পাকিস্তানৰ সেনা প্ৰতিনিধিৰ সৈতে যোগাযোগো ৰখা নাই চীনে।
আনফালে ৰাছিয়াৰ পৰা ক্ৰয় কৰা ৰাফেল যুদ্ধ বিমানো প্ৰথমবাৰৰ বাবে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত ব্যৱহাৰ কৰিছে ভাৰতে। এইসকলোখিনি মিলাই ভাৰত এতিয়া পাকিস্তানতকৈ বহুগুণে শক্তিশালী হৈ পৰিছে। উল্লেখ্য যে, বিগত ১০বছৰত ১৭৪শতাংশ বৃদ্ধি পাইছিল প্ৰতিৰক্ষা বাজেট।
সম্প্ৰতি প্ৰতিৰক্ষা ৰপ্তানি ৩০ গুণ বৃদ্ধি পাই হৈছেগৈ ২১,০৮৩ কোটি টকা। প্ৰতিৰক্ষা বাজেট ২০১৩-১৪ চনত ২.৫৩ লাখ কোটি টকাৰ পৰা ২০২৫-২৬ চনত ৬.৮১ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। এই বৃদ্ধিয়ে আত্মনিৰ্ভৰশীলতা, উদ্ভাৱন আৰু প্ৰতিৰক্ষা উৎপাদন আৰু ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক লাভান্বিত কৰিছে।
পিআইবিৰ এক প্ৰতিবেদন অনুসৰি "মেক ইন ইণ্ডিয়া" পদক্ষেপে ভাৰতক বিশ্বৰ প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে বিদেশী যোগানকাৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰিছে। লগতে সামৰিক কৌশলে অত্যাধুনিক অস্ত্ৰ ব্যৱস্থাৰ কৰি উন্নতি ত্বৰান্বিত কৰিছে।