আমেৰিকাৰ সুন্দৰীৰ শিৰত মিছ ইউনিভাৰ্ছ-২০২২ ৰ খিতাপ...

আমেৰিকাৰ সুন্দৰীৰ শিৰত মিছ ইউনিভাৰ্ছ-২০২২ ৰ খিতাপ...
আমেৰিকাৰ সুন্দৰীৰ শিৰত মিছ ইউনিভাৰ্ছ-২০২২ ৰ খিতাপ...

ডিজিটেল ডেস্কঃ আমেৰিকাৰ আৰ'বনি গেব্ৰিয়েলৰ শিৰত মিছ ইউনিভাৰ্ছ-২০২২ ৰ খিতাপ। আৰ'বনি গেব্ৰিয়েলে মুঠ ৮৩ গৰাকী সুন্দৰীক অতিক্ৰমী এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

পেছাত এগৰাকী ফেশ্বন ডিজাইনাৰ আৰু মডেল অৰ'বনি গেব্ৰিয়েলৰ আছে নিজা পোচাকৰ ষ্টাৰ্টআপ আৰ'বনি নোলা। এই প্ৰতিষ্ঠানৰো মুখ্য কাৰ্যবাহী বিষয়া গেব্ৰিয়েল।

উল্লেখ্য যে, আমেৰিকাৰ নিউ অৰলিন্সৰ নিমৰেল কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হোৱা ৭১ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ ফাইনেলৰ অন্তত ২০২১ বৰ্ষৰ বিশ্ব সুন্দৰী তথা ভাৰতৰ সুন্দৰী হৰ্নাজ সান্ধুৱে গেব্ৰিয়েলৰ শিৰত মুকুট পিন্ধায়।

উল্লেখ্য যে, মিছ ইউনিভাৰ্ছ ২০২২ ত এইবাৰ ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছিল দিভিতা ৰাইয়ে।তেওঁ প্ৰতিযোগিতাৰ ১৬ সংখ্যক স্থানতে সন্তুষ্ট থাকে।

ইফালে প্ৰতিযোগিতাত মিছ ভেনিজুৱেলা আমাণ্ডা ডুডামেল আৰু মিছ ডমিনিকান ৰিপাব্লিক এন্দ্ৰেনা মাৰ্টিনেজ প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ-আপ হিচাবে  নিৰ্বাচিত হয়৷ 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in