/asomiyapratidin/media/media_files/2025/07/15/silapathar-15-2025-07-15-12-16-55.jpg)
ডিজিটেল সংবাদ চিলাপথাৰঃ অৰুণাচল প্ৰদেশত অলপতে অসমৰ দুই যুৱক ক্ৰমে শংকৰ পেগু আৰু প্ৰবাস দলেক হত্যা কৰাৰ প্ৰতিবাদত আজি মিচিং জনগোষ্ঠীয় সংগঠন TMPK-MMK আৰু TMMK ই গ্ৰহণ কৰে পথ অৱৰোধৰ কাৰ্য্যসূচী। ফলত ৰাজপথত আবদ্ধ হৈ পৰিল শ-শ যান বাহন আৱদ্ধ।
অসমৰ নিৰীহ লোকৰ ওপৰত অৰুণাচলী দুৰ্বৃত্তই চলোৱা অকথ্য অত্যাচাৰৰ বিৰুদ্ধে কঁপাই তোলে ৰাজপথ। আজি পুৱাৰ পৰা চিলাপথাৰ- লিকাবালি পথৰ দঞি প:ল সাংস্কৃতিক প্ৰকল্পত তিনি শতাধিক কৰ্মী উপস্থিত হৈ সম্পূৰ্ণভাৱে বন্ধ কৰি তোলে অৰুণাচল অভিমুখী চিলাপথাৰ-লিকাবলি সীমান্ত পথ। তেওঁলোকৰ এই অবৰোধত স্তব্ধ হৈ পৰে যাতায়াত ব্যৱস্থা। ফলত সৃষ্টি হয় ব্যাপক যানজঁট।
অবৰোধকাৰীসকলে পথ অবৰোধৰ সময়ত ‘হত্যাকাৰীক ফাঁচী দিয়ক’, ‘We want justice’, ‘TMPK জিন্দাবাদ’, ‘অৰুণাচল চৰকাৰ মূৰ্দাবাদ’, ‘No justice No Rest’ আদি শ্ল'গানেৰে কঁপাই তোলে অঞ্চলটো। দোষী তথা হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি আৰু অৰুণাচল প্ৰদেশত অসমৰ লোকৰ নিৰাপত্তা সুনিশ্চিত নকৰা পৰ্যন্ত পথ অৱৰোধ অব্যাহত থাকিব বুলি প্ৰতিবাদী ৰাইজে সকিয়াই দিয়ে।