চুলাই মদকে ধৰি সকলো ধৰণৰ মাদক দ্ৰব্যৰ বিৰুদ্ধে মিচিং সংগঠনৰ জোঁৰ সমদল

মিচিং গ্ৰামাঞ্চলৰ পৰা নিষিদ্ধ নিচাযুক্ত দ্ৰব্য ড্ৰাগছ, ভাং, কানি, চুলাই মদকে আদি অবৈধ সামগ্ৰীৰ উৎখাত অভিযান অব্যাহত আছে । তাৰ অংশ হিচাপে আজি বাহিৰ কৰে এক জোৰ সমদল।

author-image
Asomiya Pratidin
New Update
চুলাই মদকে ধৰি সকলো ধৰণৰ মাদক দ্ৰব্যৰ বিৰুদ্ধে মিচিং সংগঠনৰ জোঁৰ সমদল

ডিজিটেল সংবাদ, ঢকুৱাখনা: মিচিং গ্ৰামাঞ্চলৰ পৰা নিষিদ্ধ নিচাযুক্ত দ্ৰব্য ড্ৰাগছ, ভাং, কানি, চুলাই মদকে ধৰি সকলো অবৈধ সামগ্ৰীৰ উৎখাত অভিযান অব্যাহত আছে ঢকুৱাখনাত। মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাং, মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ ঢকুৱাখনা জিলা সমিতিৰ নিৰ্দেশত প্ৰতিখন বাংকে সমিতিয়ে নিজ নিজ এলেকাত অব্যাহত ৰাখিছে এনে সামাজিক ব্যাধি সমূহৰ উচ্ছেদ অভিযান । গাঁৱে গাঁৱে সজাগতামূলক সভা অনুষ্ঠিত কৰি , উশৃংখল যুৱ প্ৰজন্মৰ সৈতে বাৰ্তালাপ কৰি, অভিভাৱকসকলৰ মাজত সজাগতা সৃষ্টি কৰি এনে অশুভ পৰম্পৰা পৰিয়াল আৰু সমাজৰ পৰা নিঃশেষ কৰাৰ নিৰবিচ্ছিন্ন প্ৰয়াস প্ৰায় এমাহ ধৰি অব্যাহত ৰাখিছে। 

Advertisment

জনসজাগতাই এনেবোৰ সামাজিক ব্যাধি ৰোধৰ একক শক্তি হিচাবে লৈ সংগঠনসমূহে চলোৱা অভিযান কালত বহু ড্ৰাগছ, ভাং, চুলাই আসক্তক আটক কৰি আত্মসংশোধনী হোৱাৰ সুযোগ দিছে। তাৰেই অংশ হিচাবে বৃহস্পতিবাৰে ঢকুৱাখনাৰ বাংকেসমূহত আৰম্ভ হৈছে জোঁৰ সমদলেৰে সজাগতা বৃদ্ধিৰ অভিযান। 

ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত মাতমৰা আঞ্চলিকৰ উদ্যোগত আমলখি ডাংধৰাত সন্ধিয়া প্ৰায় ৬-৩০ বজাত উলিওৱা হয় এক বিশাল জোঁৰ সমদল। জিলা সম্পাদক অমৰজিত দলে, উপ সভাপতি হীৰেন দলে, মুখ্য নাথ দলে, কেন্দ্ৰীয় সমিতিৰ নেতা সুৰেশ দলে, ক্ষীৰোদ পেগু, মোহন পেগু, নাথুৰাম পেগু আদিয়ে অংশগ্ৰহণ কৰা বিশাল সমদলৰ উদ্বোধন কৰে কেঁকুৰী বিল্লাম হাইস্কুলৰ প্ৰধান শিক্ষক গুনাধৰ দলেয়ে। 

শতাধিক সংগঠনৰ কৰ্মীয়ে হাতে হাতে জোঁৰলৈ মাৰাত্মক নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন বন্ধ কৰাৰ আহ্বান জনায় চেকণি তিনিআলিৰ পৰা কংকান দিছোঁপ হৈ আমলখি শোণিতপুৰ আদি সমগ্ৰ অঞ্চলৰ ৰাজপথ মুখৰিত কৰি তোলে।

ঢকুৱাখনা মাদক দ্ৰব্য