/asomiyapratidin/media/media_files/2025/02/02/Z5xTXP51JdMp5h6qleYR.png)
ঢকুৱাখনাত মিচিং লেদাং তানৱ দলে অপেৰ দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন
ডিজিটেল সংবাদ, ঢকুৱাখনা : অসমৰ দ্বিতীয় সৰ্ববৃহৎ ভৈয়াম জনগোষ্ঠী মিচিংসকলৰ এক শক্তিশালী বংশধৰ লেদাং তানৱ দলে অপে । ৰাজ্যখনৰ ভিন্ন জিলাত বসতি স্থাপন কৰা এই তানৱ দলে বংশধৰসকলৰ আদি পুৰুষ লেদাং তানৱ দলেৰ সতি সন্ততিসকলৰ স্বকীয় ইতিহাসৰ সশ্ৰদ্ধ স্মৰণ আৰু বংশধৰসকলৰে বংশানুক্ৰমিক পৰিচয়েৰে সম্পৃক্ত হোৱাৰ লক্ষ্যৰে একেখন মঞ্চত সমবেত হোৱাৰ এক পদক্ষেপ গ্ৰহণ কৰিছে ।
মিচিং লেদাং তানৱ দলে অপে ঢকুৱাখনাৰ উদ্যোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । তাৰেই লক্ষ্যৰে ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত মাতমৰাৰ খেৰকটা মহাবিদ্যালয়ৰ সমীপৰ মাতমৰা মৃন দলে লত্তাত অহা মাৰ্চ মাহত অনুষ্ঠিত হ’ব এই মিচিং লেদাং তানৱ দলে অপেৰ দ্বিবাৰ্ষিক অধিবেশন।
/asomiyapratidin/media/media_files/2025/02/02/FfxgkEhCrkzcVrv1ucf0.jpg)
প্ৰায় ২০ লাখ টকা বাজেটেৰে দুদিনীয়াকৈ অনুষ্ঠিত হব এই দ্বিবাৰ্ষিক অধিবেশন । তাৰেই প্ৰাৰম্ভিক প্ৰস্তুতি অনুসৰি দেওবাৰে এই অধিবেশনৰ মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰা হয় এক উৎসাহপূৰ্ণ পৰিবেশত ।
লেদাং তানৱ দলে অপেৰ সহস্ৰাধিক বংশধৰৰ মাতমৰাৰ মৃন দলে লত্তাত সমাগম হয় দেওবাৰে পুৱাই । ৰাজ্যখনৰ সহস্ৰাধিক জনগোষ্ঠীয় ৰাইজৰ উপস্থিতিত পুৱা জনগোষ্ঠীয় পৰম্পৰাগত পূজা পাৰ্বনৰ পাছত লাইখুঁটা স্থাপনথলীৰ পৃৰ কাটি লাইখুঁটা স্থাপন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ৰমেন্দ্ৰ দলে আৰু সম্পাদক বৃগেন দলেয়ে ।
কেন্দ্ৰীয় সমিতিৰ সভাপতি বিলাপ চন্দ্ৰ দলে, সম্পাদক মনোজ কুমাৰ দলে, কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা পুনৰাম দলে ,ৰাইচিং দলে , জীৱন দলে, মিচিং বানে কৌবাংৰ উপ সভাপতি ৰঞ্জিত দলে , বীৰেন সিং দলেৰ লগতে গৰিষ্ঠ সংখ্যক জ্যেষ্ঠ -কনিষ্ঠ বংশধৰে সহযোগিতা আগবঢ়াই এই পবিত্ৰ কৰ্মত । জনগোষ্ঠীয় বিহুৱা- বিহুৱতীৰ ঢোল, তাল আৰু নাচোনৰ ভঙ্গীত জীপাল হৈ পৰা মাতমৰা মৃন দলে লত্তাত উপস্থিত সভাপতি সম্পাদকে জনোৱা মতে নৃগোষ্ঠীয় বংশধৰ সকলৰ নৱ প্ৰজন্মক শিক্ষা ,ক্ৰীড়া ,সাংস্কৃতিক সকলো ক্ষেত্ৰত গুণগত শৈলীৰে আগুৱাই নিয়া।
/asomiyapratidin/media/media_files/2025/02/02/geWFcAel1cs5v0jQkLH5.jpg)
লগতে স্বকীয় ইতিহাসৰ অৱগতকৰণ আৰু বংশধৰ সকলৰ মাজত ভাতৃত্ববোধৰ সম্পৰ্ক বৰ্তাই ৰখাত অধিবেশনে যথোচিত গুৰুত্ব আৰোপ কৰিব। ইয়াৰোপৰি মিচিং লেদাং তানৱ দলে অপে ইতিবৃত্ত, দলে বংশৰ সামূহিক ইতিবৃত্ত সন্দৰ্ভত দুখন মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত কৰিব অধিবেশনত।
/asomiyapratidin/media/media_files/2025/02/02/S1BMJ80LrdZTHGLXI291.jpg)
অধিবেশনত লেদাং দলে তানব অপে বংশৱলীকে ধৰি দুখন স্মৃতিগ্ৰন্থও প্ৰকাশ কৰা হ’ব মুকলি সভাত । বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিবলগীয়া অধিবেশনৰ দুয়োটা দিনত সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা বুলি কৈ অভ্যৰ্থনা সমিতিৰ সম্পাদক বৃগেন দলেয়ে ৰাজ্যখনৰ বিভিন্ন জিলাত বসবাস কৰা বংশধৰসকলৰ লগতে নৃগোষ্ঠীয় ৰাইজৰ সঁহাৰি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।