মেৰচাপৰিত মিচিং ভাষা দিৱস উদযাপন...

৩৮ খন পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভণী
মিচিং ভাষা দিৱস
মিচিং ভাষা দিৱস

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি জিলাৰ চিলাপথাৰ অঞ্চলৰ গৰুমৰা বুঢ়ীসূঁতি মিচিং উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনৰ স্বৰ্গীয় সনাতন বৰি আৰু স্বৰ্গীয় ৰঘুনাথ পেগু ক্ষেত্ৰ মেৰচাপৰি পিপলগুৰিত দেওবাৰে ৩৮ সংখ্যক মিচিং ভাষা দিৱস উদযাপন কৰে । উল্লেখ্য যে, ১৯৮৫ চনৰ ৩০ অক্টোবৰ দিনটোতে অসমৰ ভুমিপুত্ৰ জনগোষ্ঠী মিচিংসকলৰ মিচিং ভাষাটোক চৰকাৰে স্বীকৃতি প্ৰদান কৰিছিল ৷

সেয়ে ৩০ অক্টোবৰৰ দিনটোত প্ৰতিবছৰে মিচিং আগম কৗবাঙে মিচিং জাতীয় সংগঠনৰ সহযোগত পালন কৰি আহিছে মিচিং ভাষা দিৱস হিচাপে ৷ দেওবাৰে ধেমাজি জিলাৰ চিলাপথাৰ অঞ্চলৰ মেৰচাপৰি পিপলগুৰিত কেন্দ্ৰীয় ভিত্তিত  আগমে কৗবাঙে আয়োজন কৰিছে মিচিং ভাষা দিৱসৰ দিনজোৰা কাৰ্যসূচী ৷ ৩৮ সংখ্যক উপলক্ষে পুৱা ৩৮ খন পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভণী কৰে।

মিচিং ভাষা দিৱস , ধেমাজি
মিচিং ভাষা দিৱস , ধেমাজি

আনহাতে, পতাকা উত্তোলনৰ পিছতে মিচিং আগম কৗবাঙৰ সভাপতি গোবিন্দ টাইড , সাধাৰণ সম্পাদক ডিম্বেশ্বৰ দলে, ৩৮ সংখ্যক মিচিং ভাষা দিৱসৰ উদযাপন সমিতিৰ সভাপতি জহান দলেকে ধৰি বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা ছহীদ তৰ্পন কাৰ্যসূচী সমাপন কৰে ৷

মিচিং ভাষাক নৱ প্ৰজন্মৰ মাজত লৈ যোৱাৰ বাবে মিচিং আগমে কৗবাঙে আৰম্ভ কৰিছে বিভিন্ন পদক্ষেপ ৷ অনুষ্ঠানত চৰকাৰে মাতৃভাষা মাধ্যমত পঞ্চম শ্ৰেণীলৈ পাঠদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহনৰ দাবী জনাই সংগঠনটোৰ নেতৃত্বই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in