মিচিং বানে কেবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ভূমি মিচিং জনগোষ্ঠীৰ সভ্যতা-সংস্কৃতি,ভাষা- সাহিত্য, শৈক্ষিক আৰু আৰ্থ-সামাজিক সমস্যাৰ সমাধান, সংৰক্ষণ, সংবৰ্ধনৰ বাবে গঠিত মিচিং বানে কেবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন৷

author-image
Asomiya Pratidin
New Update
মিচিং বানে কেবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ চিলাপথাৰঃ ভূমি মিচিং জনগোষ্ঠীৰ সভ্যতা-সংস্কৃতি,ভাষা- সাহিত্য, ধৰ্ম-সংস্কৃতি, শৈক্ষিক আৰু আৰ্থ-সামাজিক সমস্যাৰ সমাধান তথা সংৰক্ষণ, সংবৰ্ধন আৰু উত্তৰণৰ বাবে ১৯২৪ চনত জন্ম লাভ কৰা মিচিং বানে কেবাঙৰ আজি ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস৷বিভিন্ন অঞ্চলৰ লগতে চিলাপথাৰ দঃঞি পঃল সাংস্কৃতিক কেন্দ্ৰতো বৰ্ণিল কাৰ্যসূচীৰে কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় এই দিৱস।

 এই উপলক্ষে পুৱা চাফাই অভিযান, বৃক্ষৰোপণৰ পিছতে অনুষ্ঠানৰ ১০১ বৰ্ষপূৰ্তিৰ উপলক্ষত ১০১খন পতাকা উত্তোলন কৰা হয়। অনুষ্ঠানত মিচিং বানে কৗবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়া, মিচিং সাহিত্য সভাৰ সভাপতি হৰিনাৰায়ণ পেগু, টি এম পি কে'ৰ সভাপতি তিলক দলে, সাধাৰণ সম্পাদক চান পাংগিং, এম এম কেৰ  সভাপতি সুনিল পেগু, টি এম এম কেৰ সভানেত্ৰী ইন্দিৰা চিন্তে, জোনাই সমষ্টিৰ  বিধায়ক ভুৱন পেগুকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে।

 মিচিং জনগোষ্ঠীৰ পৰম্পৰা, বিবাহ, মাংগলিক কাৰ্য, উৎসৱ পাৰ্বন আদিৰ সংস্কাৰ কৰাৰ উদ্দেশ্যে সমাৰোহত গুৰুত্ব সহকাৰে আলোচনা কৰা হয়।

চিলাপথাৰ মিচিং জাতীয় সংগঠন