মিচিং স্বায়ত্ব পৰিষদৰ প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠদান কাৰ্যসূচী শুভাৰম্ভ

আজি ২৬ নং জীয়া ভৰলী মিচিং অটনমাছ কাউন্সিলৰ অন্তৰ্গত তৌভঙা প্ৰাথমিক বিদ্যালয় , চিলনী পাম প্ৰাথমিক বিদ্যালয়, ২নং ধাৰিকাটি প্ৰাথমিক বিদ্যালয়ত পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। 

author-image
Asomiya Pratidin
New Update
ীাীী

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰে মিচিং আগম কেবাং কেন্দ্ৰীয় সমিতিৰ সদস্য বীৰেণ মিলিয়ে ৷

Advertisment

আজি ২৬ নং জীয়া ভৰলী মিচিং অটনমাছ কাউন্সিলৰ অন্তৰ্গত তৌভঙা প্ৰাথমিক বিদ্যালয় , চিলনী পাম প্ৰাথমিক বিদ্যালয়, ২নং ধাৰিকাটি প্ৰাথমিক বিদ্যালয়ত পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। 

উক্ত অনুষ্ঠানত উপস্থিত থাকে ভৰলী মিচিং আগম কেবাং সভাপতি বিনোদ মিলি, জেষ্ঠ সমাজকৰ্মী খৰ্গেশ্বৰ পায়েং, এম এম কে কেন্দ্ৰীয় সমিতিৰ সদস্য পদেশ্বৰ মিলি, এম এম কে শোণিতপুৰ জিলা সমিতিৰ সদস্য প্ৰশান্ত লিংকু।

লগতে অংশ লয় টি এম পি কে শোণিতপুৰ জিলাৰ সমিতি সাংগঠনিক সম্পাদক জিতেন নৰহ,টি এম পি কে পশ্চিম জীয়া ভৰলী আঞ্চলিক  সভাপতি প্ৰকাশ চিন্তে ,পূব আঞ্চলিক সমিতিৰ সভাপতি মনোৰঞ্জন লিংকু , সম্পাদক বিছেন পাৰ্দুম  লগতে সংগঠনটোৰ বিষয়ববীয়া সকলে।

মিচিং স্বায়ত্ব শাসিত পৰিষদ এলেকাৰ ১১ খন জিলাৰ ২০০ প্ৰাথমিক বিদ্যালয়ত আজি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷

জামুগুৰিহাট