অৱসৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া তথা মিচিং কণ্ঠশিল্পী ইন্দ্ৰ পেগু আৰু নাই

ধেমাজিৰ অৱসৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া, অনাতাঁৰ শিল্পী তথা ন পুননৌ  বৃৰ্দুগ আপ পুনৌ মিচিং কণ্ঠশিল্পী ইন্দ্ৰ পেগু(৭৮) আৰু নাই

author-image
Asomiya Pratidin
New Update
342

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজিৰ অৱসৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া, অনাতাঁৰ শিল্পী তথা ন পুননৌ  বৃৰ্দুগ আপ পুনৌ মিচিং কণ্ঠশিল্পী ইন্দ্ৰ পেগু(৭৮) আৰু নাই ৷ কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি থকা পেগুৰ সোমবাৰে অসুখ বেছি হোৱাত ততাতৈয়াকৈ অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত ভৰ্তি কৰা হৈছিল ৷

Advertisment

কিন্তু দুৰ্ভাগ্যজনকভাৱে চিকিৎসাধীন হৈ থকা অৱস্থাতে মঙ্গলবাৰে দুপৰীয়া জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে মৃত্যু হোৱা খৱৰে ধেমাজিৰ লগতে জন্মস্থান মাজুলী আৰু ঢকুৱাখনাতো শোকৰ ছাঁ পেলাইছে ৷ ১৯৪৭ চনত মাজলী দিঘল গড়া গাঁৱত জন্ম গ্ৰহণ কৰা পেগুৱে ধেমাজি টঙনাপৰাত নিগাজীকৈ বসবাস কৰিছিল যদিও পিছলৈ মাজুলী দীঘলগড়াত বসবাস কৰিছিল।

সম্প্ৰতি মাজুলীক ব্ৰক্ষ্মপুত্ৰৰ পানীয়ে খহাই নিয়াৰ ফলত শেহতীয়াকৈ ঢকুৱাখনা ভোমোজৰনী গাঁৱত বসবাস
কৰিবলৈ লৈছিল তেওঁ ৷ কণ্ঠশিল্পীগৰাকীয়ে ইতিমধ্যে কেইবাশ গীত ৰচনা কৰাৰ লগতে সুৰ দি ডিব্ৰুগড়  অনাতাঁৰ কেন্দ্ৰত বাণীবদ্ধ কৰিছিল ৷ অকল সেয়ে নহয় ২০০৩ চনত মিদাং নিঃতম নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল ৷

২০১১ চনত চাকৰি পৰা অৱসৰ গ্ৰহণ কৰা পিছতেই তেওঁ  মিচিং দৰব  কৌবাঙৰ উপ-সভাপতি আছিল ৷ সৰুৰে পৰাই মিচিং লোকসংগীতৰ প্ৰতি ৰাপ থকা পেগুৱে আৰম্ভণিতে শিক্ষকৰ চাকৰি ত্যাগ কৰি অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ
সঞ্চালকালয়ৰ  অধীনত সাংস্কৃতিক বিষয়া চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিছিল ৷

মিৰি জীয়ৰী ,পানেই জংকী  কথাছবিৰ উপৰিও কাৰপুনপুলি ,অংকিত আদি শ্ৰব্য কেছেটত কণ্ঠদান কৰিছিল ৷ মৃত্যুৰ সময়ত
তেওঁ পত্নীৰ সৈতে পাঁচজন ল'ৰা আৰু এজনী ছোৱালী তথা পৰিয়ালৰ অনেকজনক এৰি গৈছে ৷

কণ্ঠশিল্পী