প্ৰতিমা বিসৰ্জন দিবলৈ গৈ গাভৰু নদীত উটি গ'ল ১০ জনকৈ লোকঃ এতিয়াও সন্ধানহীন এজন...

gavoru river
gavoru river

ডিজিটেল ডেস্কঃ সুখৰ নহ'ল বিজয়া দশমীৰ সন্ধিয়া। পশ্চিমবংগৰ জলপাইগুৰিৰ মাল নদীৰ পানী বাঢ়ি বহুলোকক উটুৱাই নিয়াৰ লগতে ৮ জন লোকে এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে। এই ঘটনাই সমগ্ৰ দেশত শোকৰ ছাঁ পেলাইছে।

জলপাইগুৰিৰ দৰেই অনুৰূপ এক ঘটনাৰ সাক্ষা হৈ ৰ'ল শোণিতপুৰ জিলাৰ মিছামাৰী। জিলাখনৰ গাভৰু নদীৰ পানী হঠাৎ বৃদ্ধি পোৱাৰ ফলত বহু লোকক গাভৰুৰ বাঢ়িনী পানীয়ে উটুৱাই নিয়ে।

বুধবাৰে বিজয়া দশমীৰ বাবে প্ৰতিমা বিসৰ্জন দিবলৈ মিছামাৰীৰ গাভৰু নদীৰ পাৰত বহুলোকৰ সমাগম ঘটে। একেসময়তে নদীৰ সিটো পাৰে গৰু চৰাবলৈ নিয়া কেইবাজনো লোকে নদী পাৰ হৈ ইপাৰলৈ আহিবলৈ চেষ্টা কৰে। সেই সময়ত নদীখনত নাছিল পানীৰ কোবাল ঢৌ।

কিন্তু সেই সময়তে হঠাৎ গাভৰু নদীৰ পানী বৃদ্ধি পাই। উল্লেখ্য যে গাভৰু নদীৰ পানী কোন সময়ত বৃদ্ধি পাই অথবা হ্ৰাস হয় সেয়া আগতীয়াকৈ ক'ব নোৱাৰি। এই নদীখনৰ এয়াই মূল চৰিত্ৰ। হঠাৎ নদীৰ পানী বৃদ্ধি পোৱাত পানীৰ ঢৌত উটি যায় বহু কেইজন লোক।

যি দৃশ্য প্ৰত্যক্ষ কৰি প্ৰতিমা বিসৰ্জনস্থলীত উপস্থিত থকা শতাধিক মানুহৰ মাজত সৃষ্টি হয় চিঞঁৰ-বাখৰ। বহুলোকে নদীত উটি যোৱা লোকসকলক উদ্ধাৰৰ বাবে নিজেই পানীত জাপ দিয়ে। আন একাংশই আকৌ নদীৰ পাৰত এক হুলস্থুলীয়া পৰিৱেশৰ সূচনা কৰে।

অৱশ্যে সৌভাগ্যক্ৰমে নদীখনত উটি যোৱা প্ৰায় সংখ্যক লোককেই উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এগৰাকী লোক এই পৰ্যন্ত সন্ধানহীন হৈ আছে। সন্ধানহীন লোকজনক উদ্ধাৰৰ বাবে প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in