মানকাচৰত লাখ লাখ টকাৰ মাছ নিধন : অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল

ইতিমধ্যে খাৰুৱাবান্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে। উল্লেখযোগ্য যে মানুল্ল্যাপাৰাৰ মহন খান আৰু আতোৱাৰ আলী নামৰ লোক দুজনৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে...

author-image
Asomiya Pratidin
New Update
বিষ ঢালি মাছ নিধন দুৰ্বৃত্তৰ

বিষ ঢালি মাছ নিধন দুৰ্বৃত্তৰ

ডিজিটেল সংবাদ,মানকাচৰ : মানকাচৰত সংঘটিত হৈছে অমানবীয় কাণ্ড। দুৰ্বৃত্তই পুখুৰীত বিষ ঢলাৰ ফলত মৃত্যু হৈছে লাখ লাখ টকাৰ মাছৰ। মানকাচৰৰ ময়নাবান্ধাত সংঘটিত হোৱা এই মাছ নিধনৰ ঘটনাক লৈ মীন পালকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

অঞ্চলটোৰ শ্বাহ আলম খান নামৰ এজন লোকে মীন পালনৰ বাবে বছৰী হিচাপে প্ৰায় ২০ বিঘাৰ পুখুৰী ভাড়াত লৈছিল। লোকজনে নিজৰ ভাড়া পুখুৰীত মীন পালন কৰি থকাৰ মাজতে নিশা দূৰ্বৃত্তই পুখুৰীটোত বিষ ঢালি দিয়ে।

পুৱাৰে পৰা পুখুৰীটোত মাছ নিধন হ'বলৈ ধৰাত মীন পালকজনৰ মূৰত সৰগ ভাগি পৰে । ঘটনাক লৈ মীন পালক শ্বাহ আলম খানে খাৰুৱাবান্ধা আৰক্ষীৰ কাষ চাপিছে।

ইতিমধ্যে খাৰুৱাবান্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে। উল্লেখযোগ্য যে মানুল্ল্যাপাৰাৰ মহন খান আৰু আতোৱাৰ আলী নামৰ লোক দুজনৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভক্তভোগী মীন পালকজনে। এই ঘটনাৰ ফলত কেইবালক্ষাধিক টকাৰ মাছ নিধন হৈ মীন পালকজনে বুজন পৰিমাণৰ লোকচানৰ সম্মুখীন হ'বলগীয়া হৈছে।

মানকাচৰ