/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/a3f66b2a-98b0-4537-9a52-c169ab214619/d06141c8_3d85_4db4_9176_9dd4a117c60d.jpg)
gavoru river
উদ্ধাৰ হ'ল লক্ষীৰাম কোচৰ মৃতদেহ।
বুধবাৰে বিজয়া দশমীৰ দিনটোত গাভৰু নৈত সন্ধানহীন হৈছিল লক্ষীৰাম কোচ।
শেণিতপুৰৰ মিছামাৰিত সন্ধানহীন হৈছিল তেওঁ।
প্ৰতিমা বিসৰ্জনৰ বাবে গাভৰু নৈলৈ যোৱাৰ সময়ত সংঘটিত হৈছিল অঘটন।
হঠাৎ গাভৰুৰ পানী বৃদ্ধি পোৱাত আন বহু লোকৰ সৈতে উটুৱাই নিছিল লক্ষীৰাম কোচক।
স্থানীয় লোকৰ তৎপৰতাত আন লোকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল।
আজি বালিত পোত খাই থকাৰ অৱস্থাত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ।
লক্ষীৰাম কোচ আছিল এজন অৱসৰপ্ৰাপ্ত শিক্ষক।
অঞ্চলটোৰ এগৰাকী সৰবৰাহী লোক লক্ষীৰাম কোচৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us