/asomiyapratidin/media/media_files/2025/02/15/N3aBTwULV1QnbGGh6PAC.jpg)
ডিজিটেল সংবাদ,মিৰ্জা: প্ৰাকৃতিক দুৰ্যোগ অথবা অপ্ৰত্যাশিত পৰিঘটনাৰ ফলত ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা কৃষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে কৃষি বিভাগে ২০২১ বৰ্ষৰ পৰা "মোৰ হাতত মোৰ পলিচি" শীৰ্ষক পলিচি বিতৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।
আজি কামৰূপ জিলাৰ মিৰ্জাত অৱস্থিত শ্বহীদ ভৱনত বাজাজ এলিয়ানজ জেনেৰেল ইনশ্বুৰেন্সৰ উদ্যোগত তথা কৃষি বিভাগৰ সহযোগত আয়োজিত এক সজাগতা কাৰ্যসূচীত ২০২৪-২৫ বৰ্ষৰ ৰবি ঋতুৰ বাবে কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিত পলিচি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।
এই পদক্ষেপ অনুসৰি এতিয়াৰে পৰা "প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা"-ৰ অৰ্ন্তভুক্ত হোৱা কৃষকসকলে নিজৰ বীমা পলিচিখন নিজ গৃহ, পঞ্চায়ত অথবা সংশ্লিষ্ট স্থানত লাভ কৰিব। আজিৰ এই সজাগতা সভাখনত কৃষিমন্ত্ৰীয়ে উল্লেখ কৰে যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে কৃষকক সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰি "প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা" -ৰ দৰে কৃষক হিতৈষী আঁচনি ৰূপায়ণ কৰিছে ৷
কৃষিমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৃষিখণ্ডলৈ যুগান্তকাৰী পৰিবৰ্তন অনাৰ বাবে অহৰ্নিশে প্ৰয়াস কৰিছে । লগতে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত গ্ৰহণ কৰা নীতিসমূহ আৰু এইক্ষেত্ৰত পৰিলক্ষিত হোৱা সাফল্যসমূহৰ বিষয়ে বিৱৰণ দিয়ে।
ভাষণ প্ৰসংগত তেখেতে উল্লেখ কৰে যে- ৰাজ্যখনক দেশৰ পাঁচখন অগ্ৰণী ৰাজ্যলৈ ৰূপান্তৰিত কৰাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ যি সপোন সেয়া ৰাজ্যৰ কৃষিখণ্ডৰ সৰ্বাংগীণ উন্নয়ন নিশ্চিত বাস্তৱত ৰূপায়িত কৰিব লাগিব। ইয়াৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কৃষক ৰাইজলৈ আগবঢ়োৱা আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰাৰ লগতে এনে আঁচনিৰ সৰ্ন্দভত নিজ নিজ অঞ্চলৰ কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে কৃষিমন্ত্ৰীয়ে উক্ত সভাত আহ্বান জনায়।
উল্লেখ্যে যে আজিৰ কাৰ্যসূচীত কৃষিমন্ত্ৰীগৰাকীয়ে কামৰূপ জিলাৰ ১৪ গৰাকী নিৰ্দিষ্ট কৃষকক পলিচি বিতৰণ কৰে ৷ লগতে তেখেতে শ্বহীদ ভৱনৰ প্ৰাংগণত “প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা' সজাগতাৰ বাবে ৰাজহুৱা বহা আসনৰ মুকলি কৰাৰ লগতে এক বৃক্ষৰোপণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে ৷
এই কাৰ্যসূচীত কৃষি সঞ্চালক শ্ৰী ভাস্কৰ পেগু, কৃষি বিভাগৰ সচিব শ্ৰী তেজ প্ৰসাদ ভূষাল আৰু কামৰূপ জিলাৰ আয়ুক্ত শ্ৰী দেব কুমাৰ মিশ্ৰ, বাজাজ এলিয়ানজ জেনেৰেল ইনশ্বুৰেন্সৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া আৰু জেনেৰেল ইন্সুৰেঞ্চ কাউন্সিলৰ অধ্যক্ষ ড° তপন সিংঘেল, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ মুখ্যকাৰ্যবাহী বিষয়া শ্ৰী মুক্তানন্দ আগৰৱাল প্ৰমুখ্যে কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াসকল, বাজাজ এলিয়ানজৰ কাৰ্যবাহী বিষয়াসকল আৰু কৃষক ৰাইজ উপস্থিত থাকে।