/asomiyapratidin/media/media_files/2024/11/19/5rUCr8V2DoqbRAmGsNLY.jpg)
ডিজিটেল সংবাদ,কামৰূপঃ কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত কৰা উন্নত জাতৰ ধানৰ খেতি আজি চপোৱা হয়। পথাৰ দিৱসৰ লগত সংগতি ৰাখি মিৰ্জা কৃষি চক্ৰৰ অধীনৰ দলেগাঁৱৰ জগলীয়াপাৰ কৃষক উৎপাদক কোম্পানীৰ দ্বাৰা প্ৰায় ১০০ বিঘা মাটিত ৰোপন কৰা উন্নত ৰঞ্জিত চাব-১ জাতৰ ধান খেতি চপোৱা হয়।
পথাৰ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাখনত মিৰ্জা কৃষি চক্ৰৰ কৃষি বিষয়া ৰিমঝিম শিখা বৰাই আঁত ধৰে। উক্ত সভাত জগলীয়াপাৰ কৃষক উৎপাদক কোম্পানীৰ সঞ্চালক বিষ্ণু কলিতাই নিজৰ অভিজ্ঞতা ব্যাখ্যা কৰি কয় যে কৃষকসকলৰ মাজত কিছু ভুৱা বাতৰি প্ৰচাৰ হৈ আছে যে চাব-১ জাতৰ ধানৰ খেতিত উৎপাদন খুব কম হয় আৰু ইয়াৰ পৰা পৰৱৰ্তী বছৰৰ বাবে ভাল সঁচ পোৱা নাযায়। কিন্তু কলিতাই আজি ইমান বছৰে চাব-১ জাতৰে খেতি কৰি বহুত বেছি উপকৃতহে হৈছে বুলি উল্লেখ কৰে।
সভাত ভাষণত জিলা কৃষি বিষয়া স্বপ্নালী বৰুৱাই কয় যে, বৰ্তমান চৰকাৰে যিহেতু কৃষকসকলক বহুতো সা-সুবিধা প্ৰদান কৰে সেয়েহে কৃষকসকলে তেনে সুবিধাসমূহ গ্ৰহণ কৰা উচিত। ভাষণ প্ৰসংগত তেখেতে চৰকাৰক উৎপাদিত ধান বিক্ৰী কৰিবলৈও অনুৰোধ জনায়। সেই প্ৰসংগতে ইতিমধ্যে যিসকল কৃষকে চৰকাৰক ধান বিক্ৰীৰ বাবে পঞ্জীয়ন কৰিছে তেওঁলোকক আজিৰ সভাতেই প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।
সভাৰ অন্তত চৰকাৰী সাহায্যৰে জগলীয়াপাৰ কৃষক উৎপাদক কোম্পানীয়ে লাভ কৰা কম্বাইন হাৰ্ভেষ্টাৰেৰে উৎপাদিত ধানখিনি চপোৱা হয়। আজিৰ সভাত কামৰূপ জিলা কৃষি বিষয়া স্বপ্নালী বৰুৱা, গুৱাহাটী মহকুমা কৃষি উন্নয়ন বিষয়া মৌচুমী হাজৰিকা ভূঞা, মিডিয়া বিশেষজ্ঞ অক্ষমালা মহন্ত, মিৰ্জাৰ কৃষি সম্প্ৰসাৰণ সহায়কদ্বয় মহিতুষ দাস, হিতেশ দাস আৰু দলেগাঁও অঞ্চলৰ কৃষকসকল উপস্থিত থাকে।